ডিব্ৰুগড়ত ৰিং বান্ধৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

ডিব্ৰুগড়ত ৰিং বান্ধৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে।ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ ৰিং বান্ধৰ ওপৰেৰে হোৰাহোৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী। ফলত জনবসতিপ্রধান অঞ্চলটো আতংকিত হৈ পৰিছে। চহৰখনৰ পৰা প্ৰায় ১২ কিঃ মিঃ নিলগৰ মাইজানত ৰক্ষাকৱচ ৰিং বান্ধৰ ওপৰেদি বাগৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। জিঅ’ বেগৰ ওপৰেৰে কেইবা স্থানত পানী বাগৰি সোমাই মাইজান বাগানৰ একাংশ বুৰাই পেলাইছে আৰু সেই পানী ক্ৰমান্বয়ে অগ্ৰসৰ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰধান মথাউৰিৰ দিশে, যাৰ বাবে ৰাইজৰ নিদ্ৰা হৰণ হৈছে ৷ জানিব পৰা অনুসৰি, নতুনকৈ নিৰ্মাণ হৈ থকা মাইজানৰ মথাউৰিটোৰ এতিয়াও প্রায় ২০০ মিটাৰ নিৰ্মাণৰ কাম বাকী থকাৰ বাবে উন্মুক্ত হৈ আছে। ইফালে নতুনকৈ নিৰ্মাণ কৰি থকা মথাউৰিটোৰ দিশে পানী সোমাই চিন্তিত কৰি তুলিছে ডিব্ৰুগড়বাসীক । কাৰণ নিৰ্মীয়মান অৱস্থাত থকা মথাউৰিটোৰ প্ৰাৰম্ভিক কাম হিচাপে অকল মাটিহে পেলাই ৰখা হৈছে। কেনেবাকৈ যদি নির্মীয়মান মথাউৰিটো নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিব লগা হয়, তেন্তে ঐতিহাসিক ডিব্ৰুগড় চহৰৰ প্ৰতি এক ডাঙৰ বিপৰ্যয় কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে। মাইজানৰ মথাউৰি বিচ্ছিন্ন হ’লে মাইজান চাহ বাগিচা আৰু পাঁচ সহস্ৰাধিক লোকেই কেৱল ক্ষতিগ্রস্ত নহয়, ইয়াৰ ফলত মোহনবাৰী বিমানবন্দৰ, লাহোৱাল পলিটেকনিক, অসম মেডিকেল কলেজৰ লগতে ঐতিহাসিক ডিব্ৰুগড় চহৰ প্লাৱিত হোৱাটো নিশ্চিত।