ডিব্ৰুগড়ত ৩৬ গৰাকী হজ যাত্ৰীক টীকাকৰণ আৰু পলিও প্ৰদান

ডিব্ৰুগড়ত ৩৬ গৰাকী হজ যাত্ৰীক টীকাকৰণ আৰু পলিও প্ৰদান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়lত ২৮-৪-২৪ তাৰিখে গ্ৰাহাম বজাৰত থকা “ঈদগাহ কমিউনিটি হল”ত ডিব্ৰুগড় জিলাৰ হজ কমিটি আৰু জিলা প্ৰশাসনৰ উদ্যোগত ৩৬ গৰাকী হজ যাত্ৰীক টীকাকৰণ কৰা হয়। এই বছৰ ডিব্ৰুগড়ৰ পৰা মুঠ ৩৬ গৰাকী হজযাত্ৰী আৰৱৰ মক্কা-মদিনালৈ যাব। ৩৬ গৰাকী হজযাত্ৰীৰ ভিতৰত ২০ গৰাকী পুৰুষ আৰু ১৬ গৰাকী মহিলা যাত্ৰী। যোৱা ১৬ এপ্ৰিলত ডিব্ৰুগড়ৰ হজ যাত্ৰীক অভিজ্ঞ প্রশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অহা ডা০ উৎপলা বৰুৱা আৰু দুগৰাকী নাৰ্চ ,জয়ন্তী গগৈ আৰু লিপি কোঁৱৰে হজ যাত্ৰী সকলক টীকাকৰণ আৰু প’লিও প্ৰদান কৰে। তেওঁলোকক সহযোগ কৰে ত্ৰৈলোক্য বৰুৱা, মৃন্ময় হাজৰিকা,মনদীপ বৰুৱা আৰু দুগৰাকী আশাকৰ্মী নিয়তি দে আৰু তাছনিম বাণুৱে। অকল টীকাকৰণ আৰু প’লিও চৰকাৰী ভাৱে দিয়ে যদিও কোনোধৰণৰ ঔষধ পাতি চৰকাৰৰ ফালৰ পৰা যোগান নধৰে বুলি হজযাত্ৰী সকলে কয় আৰু এই ক্ষেত্ৰত চৰকাৰক বিবেচনা কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে যোৱা ২৭ এপ্ৰিল তাৰিখে হজযাত্ৰী সকলে শেষৰটো ধনৰ কিস্তি জমা দি নিজৰ নিজৰ প্ৰাপ্তি ৰচিদ গুৱাহাটীৰ কেন্দ্ৰীয় হজকমিটিক জমা দিয়ে আৰু অগত্যা কোনোবাই ধনৰ ৰচিদ জমা দিব নোৱাৰিলে গুৱাহাটীৰ হজ কমিটিৰ লগত ফোনযোগে যোগাযোগ কৰিবলৈ অসম হজ কমিটিৰ অধ্যক্ষ আলহজ নেকিবুজ জামানে জানিবলৈ দিয়ে। পূৰ্বতে ২৭ এপ্ৰিললৈ ধন জমা দিয়াৰ শেষ তাৰিখ আছিল যদিও বৰ্ধিত কৰি অহা চাৰি মে’ লৈ কিস্তি জমা দিব পাৰিব বুলি অধ্যক্ষ জামানে কয় আৰু তেওঁ কয় যে অহা ১৬ মে’ৰ পৰা দৈনিক দুখনকৈ বিমানে গুৱাহাটীৰ পৰা পোনে পোনে মদিনা বিমানবন্দৰলৈ হজ যাত্ৰীসকলক লৈ যাব আৰু তাৰ পিছত তেওঁলোকক মক্কালৈ লৈ যাব। এই বছৰ অসমৰ মুঠ চাৰি হাজাৰজন হজযাত্ৰী এই পৱিত্ৰ স্থানলৈ যাব আৰু প্ৰায় চল্লিছ দিন তাত থকাৰ পাছত নিজ গৃহলৈ উভতি আহিব।