ডিব্ৰুগড়ত বৃহত্তৰ নালিয়াপুল যুৱ উন্নয়ন সমিতিৰ উদ্যোগত হজ সমাপন কৰি অহা হাজীক উষ্ম আদৰণী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নালিয়াপুলত থকা মুচাফিৰ খানা “আশ্ৰয় ভৱন”ত আজি (২০/৮/২৩) ডিব্ৰুগড়ৰ বৃহত্তৰ নালিয়াপুল যুৱ উন্নয়ন সমিতি আৰু চহৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উদ্যোগত চলিত বৰ্ষত ডিব্ৰুগড়ৰ পৰা গৈ হজ কৰি সুকলমে ঘূৰি অহা হাজী সকলৰ লগতে অহা বছৰ হজ তথা উমৰাহ কৰিবলৈ ওলোৱা প্ৰায় ১৬ গৰাকী ব্যক্তিক আজি উষ্ম আদৰণী জনোৱা হয়। ২০২৩ বৰ্ষত ডিব্ৰুগড়ৰ পৰা মুঠ ৭৬ গৰাকী পুৰুষ আৰু মহিলাই আৰৱৰ মক্কা মদিনাত প্ৰায় ডেৰ মাহ অৱস্থান কৰাৰ অন্তত অলপতে নিজ গৃহলৈ ঘূৰি আহে। এই ৭৬ গৰাকী হাজীৰ ভিতৰত ৬১ গৰাকী পুৰুষ আৰু ১৫ গৰাকী মহিলা হাজী আছিল। সভাৰ আৰম্ভণিতে আহ্বয়াক আলহজ চৌকত আলিয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে এইবছৰ ৭৬ গৰাকী হজযাত্ৰী গৈছিল আৰু অহাটো বৰ্ষত যেন ইয়াতকৈও বেছি হজযাত্ৰী পঠিয়াব পৰা যায় তাৰ বাবে নতুন সকলক উৎসাহ যোগাবলৈকে এই সমাবেশৰ আয়োজন কৰা হৈছে। সভাৰ আৰম্ভণিতে নালিয়াপুল মছজিদৰ পেচ ইমাম চৈয়দ মোবাৰাক হুছেইনে দোৱাৰে সভাখনি আৰম্ভ কৰাৰ পিছত এই সভাখনিৰ সভাপতি আলহজ চাহিল ৰহমানে ডিব্ৰুগড়ৰ পৰা হজলৈ গৈ হজযাত্ৰী সকল সুকলমে ঘূৰি অহাত সন্তোষ প্ৰকাশ কৰে। সভাত পূৰ্বতে হজ সমাপণ কৰি অহা চৈয়দ আলহজ পাৰভেজ আৰু আলহজ জমিউল আলিয়ে হজৰ অভিজ্ঞতাৰ কথা বিবৰি কয় । লগতে কিছু ক্ষেত্ৰত অসম চৰকাৰে পঠোৱা খাদেমুল হুজ্জাজ অৰ্থাৎ হাজী সহায়কাৰী সকলে যি ধৰণেৰে সহায় সহযোগ কৰিব লাগিছিল, তেনে ধৰণে সঁহাৰি নজনোৱা বুলি দুগৰাকী মান হাজীয়ে আক্ষেপ ব্যক্ত কৰে। সভাৰ শেষত বিশ্ব শান্তিৰ বাবে , ৰাজ্যবাসীৰ বাবে দোৱা মাগে অসম জামিউল উলুম্ মাদ্ৰাছাৰ মুখ্য মৌলানা আলহজ মঞ্জুৰ আহমেদ চাহেবে।