ডিব্ৰুগড়ত বিজেপিৰ বৃহৎ সংখ্যকৰ যোগদান কাৰ্যসূচী

ডিব্ৰুগড়ত বিজেপিৰ বৃহৎ সংখ্যকৰ যোগদান কাৰ্যসূচী

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- গেৰুৱা বসন পিন্ধিলে মটক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া আৰু সমাজকৰ্মী দয়ানন্দ শ্বাহে । জাতীয় সংগঠনৰ নেতা, কংগ্ৰেছ, আপকে ধৰি প্ৰায় শতাধিক লোকে বিজেপিৰ অস্থায়ী কাৰ্যালয়ত বৃহৎ যোগদান কৰে । মটক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ উপদেষ্টা দয়ানন্দ শ্বাহেও গেৰুৱা বসন পিন্ধে। মটক স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুষাৰ ৰঞ্জন চেতিয়া, নিৰেন শইকীয়া, চাবুৱা সমষ্টিৰ ‘২১ চনৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা নেওগ, আপ, অসম জাতীয় পৰিষদ, কংগ্ৰেছ, মটক ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন আদিকে ধৰি শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। যোগদান কাৰ্য্যসূচীত বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, অসমৰ নিৰ্বাচন পৰ্যবেশক কেপ্টেন অভিমুন্য কাশ্যপ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰুৱা, বিধায়ক বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন আদি এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ।