ডিব্ৰুগড়ত “পি.এম বিশ্বকৰ্মা আচঁনিৰ এদিনীয়া সজাগতা সভা

ডিব্ৰুগড়ত “পি.এম বিশ্বকৰ্মা আচঁনিৰ এদিনীয়া সজাগতা সভা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ “Development and Facilitation” কাৰ্যালয় গুৱাহাটীৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আজি(২০-২-২৪ ) “পি.এম.বিশ্বকৰ্মা” আচঁনিৰ এদিনীয়া সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাত “পি.এম.বিশ্বকৰ্মা” আচঁনি সন্দৰ্ভত বিতং তথ্যসম্বলিত পাৱাৰ পইন্ট প্ৰেজান্টেচন আগবাঢ়ায় MSME ৰ “Development and Facilitation” কাৰ্যালয় গুৱাহাটীৰ সহকাৰী সঞ্চালক শুভ শংকৰ পালে। সজাগতা সভাত অংশগ্ৰহন কৰা গাওঁ পঞ্চায়তৰ সচিবসকল তথা পি.এম বিশ্বকৰ্মা আচঁনিৰ হিতাধিকাৰীসকলৰ সৈতে আচঁনিখনৰ বিষয়ে মতবিনিময় কৰাৰ লগতে হিতাধিকাৰীসকলে সন্মূখীণ হোৱা অসুবিধাসমূহৰ বিষয়েও আলোচনা কৰা হয়। উল্লেখযোগ্য যে, পি.এম বিশ্বকৰ্মা আচঁনিৰ অধীনত ১৮ টা পৰম্পৰাগত ব্যৱসায় সামৰি লোৱা হৈছে। এই আচঁনিৰ জৰিয়তে পি.এম বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু আই.ডি কাৰ্ড প্ৰদান কৰাৰ লগতে ক্ৰেডিট সমৰ্থন, দক্ষতা উন্নীতকৰণ, টুলকিট ইনচেন্টিভ, ডিজিটেলট লেনদেনৰ বাবে ইনচেন্টিভ আৰু বিপণন সমৰ্থন আগবাঢ়োৱা হ’ব। পি.এম বিশ্বকৰ্মা আচঁনিত তালিকাভুক্ত ১৮ টা পৰম্পৰাগত ব্যৱসায়ৰ লগত জড়িত ১৮ বছৰ বা উৰ্ধৰ যিকোনো ব্যক্তিয়ে সম্পূর্ণ বিনামূলীয়াকৈ নিকটৱৰ্তী চি এচ চি (Common Service Center) লৈ গৈ পি.এম বিশ্বকৰ্মা আচঁনিত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। নাম পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড, বেংক একাউণ্ট নম্বৰ, আধাৰ কাৰ্ডৰ লগত সংলগ্ন ফোন নম্বৰ আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ আধাৰ কাৰ্ড প্ৰয়োজন হ’ব। আজিৰ সজাগতা সভাত জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক মৰ্গেন মেষ্টন, বেংকসমূহৰ মুখ্য জিলা ব্যৱস্থাপক দেৱ প্ৰসাদ নাৰ্জাৰী, চি এচ চিৰ ডিব্ৰুগড়ৰৰ জিলা পৰিচালক ৰাজতিলক বুঢ়াগোহাঁই, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ City Project Manager ধীৰেণ দাস, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ডিব্ৰুগড় শাখাৰ জিলা প্ৰকল্প প্ৰৱন্ধক কমল কান্ত গোৱালা প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।