ডিব্ৰুগড়ত “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস”ৰ কাউন্টডাউন কাৰ্যসূচী হিচাপে যোগ প্ৰতিযোগিতা অনুষ্ঠিত

ডিব্ৰুগড়ত “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস”ৰ কাউন্টডাউন কাৰ্যসূচী হিচাপে যোগ প্ৰতিযোগিতা অনুষ্ঠিত

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২১ জুন তাৰিখে অনুষ্ঠিত হবলগীয়া “দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস”ৰ কাউন্টডাউন কাৰ্যসূচী আজি (১৬-৬-২৪)ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ইয়াৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত এই যোগ প্ৰতিযোগিতা মুঠ ৪ টা শাখাত অনুষ্ঠিত হয়। প্ৰথম শাখাত ১০ বছৰ বয়সৰ ভিতৰত ২৬ গৰাকী, দ্বিতীয় শাখাত ১০-১৮ বছৰৰ ভিতৰত ৫৩ গৰাকী, তৃতীয় শাখাত ১৮―৩৫ বছৰৰ ভিতৰত ১৭ গৰাকী আৰু চতুৰ্থ শাখাত ৩৫ বছৰৰ ওপৰৰ ২২ গৰাকী লোককে ধৰি মুঠ ১১৮ গৰাকী প্ৰতিযোগীয়ে এই যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আজি অনুষ্ঠিত হোৱা যোগ প্ৰতিয়োগিতাত বিজয়ী প্ৰতিযোগীসকল হৈছে ১ম শাখাত মহিমানৱ গগৈ, ২য় শাখাত হিতাক্ষী দাস, ৩য় শাখাত অৰ্পিতা ভূঞা আৰু ৪ৰ্থ শাখাত পিন্টু শইকীয়া। বিজয়ী প্ৰতিযোগীসকলক ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা প্ৰমাণপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হ’ব। আজি অনুষ্ঠিত হোৱা কাৰ্যসূচীত সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰী, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰাজীৱ কুমাৰ বৰুৱা, হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, ‘আয়ুষ’ৰ জিলা নডেল বিষয়া ডাঃ অনিল কুমাৰ সিং প্ৰমুখ্যে সেৱা ভাৰতী আৰু আৰ্ট অব লিভিংৰ সদস্যসকল, হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।