ডিব্ৰুগড়ত “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ শুভাৰম্ভ

ডিব্ৰুগড়ত “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ শুভাৰম্ভ

ডিব্ৰুগড় ১ আগষ্টঃ ষ্টাফ ৰিপ’ৰ্টাৰ-  সেউজ আৱৰণ বৃদ্ধিৰ সমান্তৰালকৈ ৰাজ্যত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ অসম চৰকাৰৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবছৰো আয়োজন কৰা হৈছে “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ। এই বৰ্ষত “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ মূল থীম হৈছে “এজোপা বৃক্ষ মাতৃৰ নামত”।
সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিতে আজিৰে পৰা “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত মোহনাঘাট অঞ্চলত আজি (১আগষ্ট) পুৱা “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ শুভাৰম্ভৰ লগত সংগতি ৰাখি বৃক্ষৰোপন কৰা হয়। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত পৰীক্ষিত ফুকন, ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া বি.ভি সন্দিপ, ডিব্ৰুগড় পূব ৰাজহচক্ৰৰ চক্ৰ বিষয়া সমুজ্জ্বল বৰা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ প্ৰমুখ্যে বন বিভাগৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। আনহাতে, টিংখাং বিধানসভা সমষ্টিত উদ্যোগ, বাণিজ্য ও ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ৰাজগড় মহাবিদ্যালয় প্ৰাংগণত “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ শুভাৰম্ভনী কাৰ্য্যসূচী উপলক্ষ্যে গছপুলি ৰোপণ কৰে। একেদৰে চাবুৱা বিধানসভা সমষ্টিত স্থানীয় বিধায়ক পোনাকণ বৰুৱাই বালিজান চাহ বাগিচা আদৰ্শ বিদ্যালয় প্ৰাংগণত, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে সেউজপথাৰৰ নৱনিৰ্মিত মহকুমা আৰক্ষী বিষয়াৰ কাৰ্য্যালয়ৰ প্ৰাংগণত, মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে নাহৰণি হাইস্কুল প্ৰাংগণত, দুলীয়াজান বিধানসভা সমষ্টিত তেৰছ গোৱালাই নাওহলীয়া গাওঁ পঞ্চায়তত আৰু লাহোৱাল বিধানসভা সমষ্টিত বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত একোটিকৈ গছ পুলি ৰোপণ কৰি “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ শুভাৰম্ভ কৰে। “অমৃত বৃক্ষ আন্দোলন ২.০” ৰ শুভাৰম্ভনী কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত গছপুলি ৰোপণ কৰা হয়। এই “অমৃত বৃক্ষ আন্দোলন ২.০” কাৰ্য্যসূচীৰ অধীনত ১ আগষ্টৰ পৰা ২০ আগষ্টলেকে সমগ্ৰ ৰাজ্যখনতে ৩ ( তিনি)কোটি বানিজ্যিক চহিদাসম্পন্ন গছ পুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। আনহাতে, “অমৃত বৃক্ষ আন্দোলন ২.০” ত ডিব্ৰুগড় জিলাত ১২ লাখতকৈয়ো অধিক গছপুলি ৰোপণ কৰা হ’ব বুলি বন বিভাগৰ তৰফৰ পৰা অৱগত কৰিছে।

এম হাছিম আলী
ডিব্ৰুগড়