ডিচিজিআইৰ ৭-১২ বছৰ বয়সৰ শিশুৰ বাবে কভোভাক্সক অনুমোদন 

ডিচিজিআইৰ ৭-১২ বছৰ বয়সৰ শিশুৰ বাবে কভোভাক্সক অনুমোদন 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেলে (ডিচিজিআই) চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ কোভিড-১৯ ভেকছিন কভোভাক্সক ৭-১২ বছৰবয়সৰ শিশুৰ বাবে অনুমোদন জনাইছে। ৭ বছৰৰ ওপৰৰ শিশুৰ বাবে চৰকাৰী পেনেলে জৰুৰীকালীনভাৱে ভেকচিন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়াৰ পিছতে এই কথা প্ৰকাশ পাইছে। ডিচিজিআইয়ে মাৰ্চ মাহত ১২-১৭ বছৰ বয়সৰ লোকৰ বাবে এই ভেকচিনত অনুমোদন জনাইছিল।