ডিগবৈৰ এইজন যুৱকে নিজৰ পিঠিত অংকন কৰালে হিমন্ত বিশ্ব শৰ্মাৰ টেটু
ৰঙিলী বাৰ্ত্তাসেৱা- ডিগবৈৰ এজন যুৱকে নিজৰ দেহত অংকন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি। নিজৰ পিঠিত টেটু কৰি অংকন কৰালে মুখ্যমন্ত্ৰীক। মঙলবাৰে ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱত অংশগ্ৰহণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ আগত নিজৰ পিঠিত আঁকি লোৱা টেটু প্ৰদৰ্শন কৰে যুৱকজনে। যুৱকজনৰ নাম ৰাজেশ সৰকাৰ। ডিগবৈৰ ১নং গোলাইত ঘৰ। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ বাবেই এইদৰে পিঠিত অংকন কৰালে টেটু। যুৱকজনৰ এই ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।