ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰি পেলোৱা জাৱৰ উঠাই নিয়াৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বিগত ৯ মাহে কৰি থকা জাৱৰ নিষ্কাশনৰ বৈজ্ঞানিক পদ্ধতিৰ ভেকো-ভাওনা ত্যাগ কৰি ৭ দিনৰ ভিতৰত ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰি পেলোৱা জাৱৰ উঠাই নিয়াৰ ব্যৱস্হা কৰিবলৈ দাবী জনাইছে পামহী কাৰ্বিপাৰা ৰাইজে৷ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা উক্ত সংগঠনটোৰ সম্পাদক ডেভিদ হেন্দিক টেৰণে কয়-২০০৬ চনতে গুৱাহাটীৰ পশ্চিম বৰাগাঁওত স্থাপন কৰা ডাম্পিংগ্ৰাউণ্ড,২০২১ চনত মহামান্য ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বন্ধ কৰাৰ নিৰ্দেশনা দিছিল৷কিন্তু পশ্চিম বৰাগাঁওৰ আগৰ স্থানৰ পৰা কিছু নিলগত পুনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটী পৌৰ নিগমে নীতি বৰ্হিভূতভাৱে দৈনিক প্ৰায় ৮০০ৰ পৰা ১০০০ টন গেলা পচা বস্তু আৰু প্লাষ্টিক সামগ্ৰীৰ লগতে মৃত জীৱ জন্তু আদি পশ্চিম বৰাগাঁওৰ ও পামহী নদী পাৰৰ ভূমি আৰু দীপৰ বিলৰ সংলগ্ন আৰু বানপানী প্ৰৱণ এলেকাত প্ৰত্যক্ষভাৱে পেলাই থকা হৈছে৷বিগত প্ৰায় ৯ মাহ সময়ছোৱাত কেইবাবাৰো স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল৷২০২১ বৰ্ষৰ ২৫ আগষ্টত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ আৰু ৰাইজৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাৰ অন্তত পৌৰ নিগম কৰ্তৃপক্ষই এমাহৰ ভিতৰত দূৰ্গন্ধ নোহোৱা কৰা,পৰিৱেশ বিনষ্ট নোহোৱা,দীপৰ বিলৰ প্ৰদূষণ নোহোৱাকৈ বৈজ্ঞানিকভাৱে প্ৰকল্প গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷কিন্তু পৰিতাপৰ কথা এমাহ পাৰ হোৱাৰ পাছতো কোনো ব্যৱস্হা গ্ৰহণ কৰা দেখা নগ’ল৷এমাহৰ সময় পাৰ হোৱাৰ পাছত পুনৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰচেষ্টাত ২০২১বৰ্ষৰ ২৯ ছেপ্টম্বৰত পৌৰ নিগম কৰ্তৃপক্ষৰ লগত ৰাইজৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনাৰ অন্তত পৌৰ নিগম কৰ্তৃপক্ষই পুনৰ কিছুদিনৰ ভিতৰতে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷যদিহে ৭ দিনৰ ভিতৰত সমস্যা সমাধান কৰা নহ’য় তেন্তে গণতন্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সংবাদ মেলৰ যোগেদি নেতাজনে সকিয়াই দিয়ে৷সংবাদ মেলত পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি চনেশ টেৰণ,সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীনেশ দাস,পৰিৱেশ কৰ্মী প্ৰমোদ কলিতা,পশ্চিম বৰাগাঁওৰ নাগৰিক মঞ্চৰ সম্পাদক তৰুণ তালুকদাৰ,দীপৰ পাচপাৰা সমবায় সমিতিৰ উপদেষ্টা নিৰেন কুমাৰ দাস৷