ডান্স ইণ্ডিয়া ডান্সৰ লিটল মাষ্টাৰৰ শীৰ্ষ দহত গোলাঘাটৰ নৱজিত নাৰ্জাৰী

ডান্স ইণ্ডিয়া ডান্সৰ লিটল মাষ্টাৰৰ শীৰ্ষ দহত গোলাঘাটৰ নৱজিত নাৰ্জাৰী

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  সৰ্বভাৰতীয় পৰ্য্যায়ৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰত জিলিকিছে অসম সন্তান নৱজিত নাৰ্জাৰী। অতিকে পিছপৰা আৰু দুখীয়া ঘৰৰ পৰা গৈ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰৰ চিজন ফাইভৰ শীৰ্ষ দহলৈ নিৰ্বাচিত হৈছে গোলাঘাট জিলাৰ মেৰাপানীৰ চাংসাতি গাঁৱৰ নৱজিত নাৰ্জাৰী। শীৰ্ষ দহলৈ নিৰ্বাচিত হোৱাৰ লগে লগে নৱজিতৰ বাবে আৰম্ভ হৈছে ভোটিং প্ৰক্ৰিয়া। শনিবাৰৰ সন্ধিয়া ন বজাৰ পৰা সোমবাৰে পুৱা ন বজালৈকেহে চলি থাকিব এই ভোটিং প্ৰক্ৰিয়া। ইতিমধ্যে শীৰ্ষ দহলৈ নিৰ্বাচিত হোৱাৰ পাছতেই নৱজিত নাৰ্জাৰীৰ নিজা গাঁৱত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা।