ডন বস্ক’  বিশ্ববিদ্যালয়ত ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ’ সম্পন্ন

ডন বস্ক’  বিশ্ববিদ্যালয়ত ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ’ সম্পন্ন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬ নৱেম্বৰত  ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ (Industry-Academia Interactive Seminar)’ অনুষ্ঠিত হয় । মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা চেমিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ  উপ-মুখ্য কাৰ্যবাহী বিষয়া   ড°  সুকমল দেৱ  ।  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকলে অংশ গ্রহণ কৰা চেমিনাৰখনত ড° সুকমল দেৱে  চফ্ট স্কিল  আৰু  হার্ড স্কিলৰ প্রয়োজনীয়তা বিষয়ে আলোচনা কৰে । তেওঁ  ইঞ্জিনিয়াৰিং শিক্ষা গ্রহণ কৰি উদ্যোগী হোৱা সকলৰ উদাৰণ দাঙি ধৰে। ড°  দেৱে   শিক্ষাৰ্থীসকলক উদ্যোগী হ’ব বাবে আহ্বান জনায় ।  তেওঁ সফল উদ্যোগী হ’বলৈ  আৱশ্যক হোৱা  গুণবোৰৰ বিষয়ে উল্লেখ কৰাৰ লগতে উদ্যোগীসকলে নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হোৱাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ।  লগতে ড° দেৱে  শিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰে।