ট্ৰল- জুৰি শইকীয়া

Pc- social Samosa

ট্ৰল

জুৰি শইকীয়া

ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা বিষয়বিলাকৰ সংযোজনত শেহতীয়াকৈ খুব বেছিকৈ শুনিবলৈ পোৱা এটা শব্দ হ’ল ট্ৰল । সংঘটিত ঘটনা প্ৰবাহ বা পৰিবেশ-পৰিস্থিতিৰ লগত বিষয়বস্তুৰ ৰজিতা নোখোৱাকৈ কৰা কাৰ্য্য বা মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত ট্ৰল কৰা আৰম্ভ হৈ যায় । ছ’চিয়েল মিডিয়া এনে এটা মাধ্যম য’ত খবৰবোৰ বতাহৰ দৰে নিমিষতে চাৰিওফালে বিয়পি পৰে । ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম,ৱাটচআপৰ ব্যাপক প্ৰসাৰতাৰ যুগত ট্ৰলে প্ৰসাৰতা লাভ কৰিছে । কিছুমান সৰু ডাঙৰ কথাতে ট্ৰলৰ কবলত পৰে বিখ্যাত বিখ্যাত লোক । মৃতকৰ লগত ছেলফি উঠি যদি কোনোৱে ট্ৰলৰ সন্মুখীন হৈছে কোনোৱে কোনোৱে পৰিবেশ-পৰিস্থিতি সাপেক্ষে পিন্ধিব নলগীয়া কাপোৰ পিন্ধি ট্ৰলৰ সন্মুখীন হৈছে । এইবোৰ সৰু সুৰা ট্ৰল । ক’ৰবাত ঘটনা এটা ঘটিলে কোনে কিমান আগতে ঘটনাটো ভিডিঅ’ কৰি চ’ছিয়েল মিডিয়াত আপলোড কৰিব পাৰে তাৰ অঘোষিত প্ৰতিযোগিতাবোৰৰ সমান্তৰালকৈ বাঢ়ি আহিছে ডিজিটেল সংবাদ মাধ্যমসমূহ । চহৰ-নগৰ, চুক-কোণৰ প্ৰচাৰ হ’ব নলগীয়া সৰু সৰু বাতৰি কিছুমান খুব ডাঙৰ আৰু ৰাইজৰ উপকাৰ সাধিব পৰা বা ৰাইজে জানিব লগা অতি দৰকাৰী খবৰৰ দৰে জোখতকৈ ডাঙৰকৈ আৰু প্ৰয়োজনতকৈ অধিকবাৰ একেশাৰী বাক্যকে গাই গাই টি আৰ পি বঢ়োৱাৰ স্বাৰ্থত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে এনে মাধ্যমসমূহে । বেছি গুৰুত্বপূৰ্ণ নোহোৱা বাতৰিটোত অকণমান মা-মচলা পৰি অধিক আকৰ্ষণীয় ৰূপত শ্ৰোতাৰ কাষলৈ যায় । এনেকুৱা বাতৰি চোৱা বা শুনা মানুহো যথেষ্ট বেছি । এফালে বাতৰি পৰিবেশন কৰি থাকে আনফালে মাধ্যমটোক ট্ৰল কৰি কমেণ্ট বা মতামতৰ বৰষুণ আৰম্ভ হৈ যায় । মছলা থকা বাতৰিবোৰক লৈ কিছুৱে আকৌ নতুন নতুন মা-মচলাৰে ট্ৰল কৰা আৰম্ভ কৰি দিয়ে, কিছুৱে আকৌ নিৰৱে কমেণ্টসমূহ পঢ়ি মজা লৈ থাকে । কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত ঘটা ঘটনা এটাক‌ লৈ কৰা ট্ৰলে গৈ গৈ এনেকুৱা পৰ্যায় পায়গৈ এটা চুকত ঘটা সৰু কথাটো বিকৃত ৰূপত বেলেগ বেলেগ ধৰণে এঘণ্টাৰ ভিতৰতে ব্যাপক হাৰত ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ পৰে ।

ট্ৰলে বুঢ়াৰ পৰা ডেকালৈ, সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটী লৈকে কাকো বাদ দিয়া নাই । কোনো এজন লোকে জানি বুজি কৰা বা ভুলবশতঃ কৰা কাৰ্য্যক হাস্যকৰ কৰি তুলিবলৈ মিউজিক বা তাৰ লগত ৰজিতা খোৱাকৈ বিভিন্ন ধৰণৰ গীতৰ সংযোগ ঘটাই আমোদজনক কৰি তোলে । কেৱল যে ভিডিঅ’, মিম বনায়েই ট্ৰল কৰা হয় এনে নহয় কিছুমান কমেণ্টক লৈও ট্ৰল কৰা হয় । “কৈ মৰে মানুহ”ৰ দৰে মুখৰ কথাটো ট্ৰল হয় । উদাহৰণ স্বৰূপে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে “ৰাতি আমাক গছে অক্সিজেন দিয়ে” বুলি কৈ ট্ৰলৰ সন্মুখীন হৈছিল । ট্ৰল বেছিকৈ খায় যেতিয়া ৰাইজে জনা কথা এটা কোনোবা এজন নেতা বা চেলিব্ৰিটীধৰণৰ মানুহ যাৰ গুণমুগ্ধও অধিক তেনে লোকে নজনা বা নভবাকৈ কৈ দিয়ে । জনপ্ৰিয় বা বিখ্যাত ব্যক্তি সচৰাচৰ বেছিকৈ ট্ৰলৰ সন্মুখীন হয় । কাৰণ তেওঁলোকৰ পিন্ধন-উৰণ, কাম-কথা সকলোবোৰ গুণমুগ্ধসকলে লক্ষ্য কৰি থাকে । তেওঁলোক কেতিয়াবা আক্ৰমণাত্মক তথা ককৰ্থনাজনিত ট্ৰলৰো সন্মুখীন হয় ।

ট্ৰলে ব্যক্তি এজনক মানসিক ভাৱে হাৰাশাস্তি কৰিব পাৰে, তেওঁৰ ব্যক্তিগত আৰু সামাজিক জীৱনত বৰ বেয়াকৈ প্ৰভাৱ পেলাব পাৰে । সমাজত নিজৰ ভাৱমূৰ্তি বিনষ্ট হয় , অপমানজনক ট্ৰলে শেষত গৈ ভয়াৱহ ৰূপ লোৱাও দেখা যায় । কোন এজন ব্যক্তিয়ে ভুলবশতঃভাৱে কৰা কাম বা নাজানি কোৱা কথা বা জানিয়েই কৰা কিছুমান কামক সমাজৰ সচেতন, অৰ্ধসচেতন ব্যক্তি কিছুমানে ঠাট্টা,ইতিকিং,ককৰ্থনাৰে ভৰাই সামাজিক মাধ্যমত তল ওপৰ লগাই দিয়ে । মেধাৱী ছাত্ৰ-ছাত্ৰী এজনৰ যদি সাক্ষাৎকাৰৰ সময়ত কিবা নক’বলগীয়া কথা মুখৰ পৰা ওলাল, ইংৰাজীত যদি বেছিকৈ ফৰফৰাই উত্তৰবোৰ দিয়ে তেতিয়াও ট্ৰলৰ সন্মুখীন হ’ব লগা হয়, আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এগৰাকীও ট্ৰলৰ সন্মুখীন হয়, দেশৰ নেতা-পালিনেতাও ট্ৰলৰ পৰা সাৰি নাযায় । শেহতীয়াকৈ পাকিস্তানৰ পৰা নিউজিলেণ্ডে ক্ৰিকেট নেখেলি ঘূৰি যোৱা কথাটোক লৈ ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে দেশখন । কৰ’ণা মহামাৰীৰ বাবে বিশ্বজুৰি ট্ৰলৰ সন্মুখীন হ’ল চীন দেশখন । দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে ক্ষমতাশালী ব্যক্তিও ট্ৰলৰ পৰা সাৰি নাযায় । মিছা তথ্য বা বাৰ্তা মানুহৰ মাজত প্ৰেৰণ কৰিলেও ব্যাপক ট্ৰলৰ কবলত পৰে এনে প্ৰভাৱশালী ব্যক্তি । সাক্ষাৎকাৰ দিবলৈ হাফ পেণ্ট পিন্ধি যোৱা ছাত্ৰীগৰাকীৰ লগতে তাইৰ অভিভাৱকলৈকে ট্ৰলৰ কবলত পৰিব লগা হৈছে । কিছুৱে ছোৱালীজনীক দোষ দিয়াৰ লগতে কোনোবাই মাক-দেউতাকৰ সংস্কাৰ ফালে আঙুলি টোঁৱাইছে। ছোৱালীজনী বা অভিভাৱক কাৰ গাত দোষ মই সেয়া ক’বলৈ বিচৰা নাই কিন্তু কথাটো খন্তেকতে বনজুইৰ দৰে চাৰিওফালে বিয়পি পৰিল লগতে সাংঘাটিক ধৰণে ট্ৰলৰ সন্মুখীন হৈছে ছোৱালীজনী আৰু মাক-দেউতাক যিটো কথা শিক্ষকজনে বুদ্ধিৰে চম্ভালি সমস্যাটো সমাধান কৰিছিল । সৰু ডাঙৰ যেনেকুৱাই নহওঁক নিজৰ নিজৰ পচন্দ মতে ট্ৰল খাব লগা ঘটনাটোৰ লগত হাঁহিৰ খোৰাক যোগোৱা বা মচলা থকা গান , ডায়লগ আদিৰ সংযোগ কৰি ঘটনাটোৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰে । ট্ৰল গৈ গৈ এনেকুৱা পৰ্যায় পায়গৈ য’ত আচল কথা বা ঘটনাটো ক’ৰবাতে লুকাই যায় । ট্ৰলে এনে পথলৈ গতি কৰিব নালাগে যে মানসিক ভাৱে হাৰাশাস্তিৰ সন্মুখীন হোৱা মানুহজনে জীয়াই থাকিবলৈ চিন্তা কৰিব লগা হয় ।

ট্ৰলে সমাজলৈ বেছিকৈ নেতিবাচক বাৰ্তা বহন কৰে। ঘটনা বিকৃত কৰা, মানুহক হঁহা, ঠাট্টা মস্কৰা কৰা আদিয়ে সমাজলৈ কেতিয়াও ইতিবাচক বাৰ্তা দিব নোৱাৰে । গঠনমূলক সমালোচনা, আলোচনাই যিদৰে মানুহক সহায় কৰে তাৰ বিপৰীতে ট্ৰলে সমাজত বা ব্যক্তিৰ জীৱনলৈ বিষবাৰ্তা কঢ়িয়াই । জানি বা নাজানি কৰা কাম বা কথাবোৰ যদি ট্ৰলৰ ৰূপ দি অধিক সম্প্ৰচাৰ নকৰাকৈ শুধৰণি কৰি দিবলৈ চেষ্টা কৰা হয় তেন্তে ব্যক্তিজনে মানসিক হাৰাশাস্তিৰ পৰা কিছু পৰিমাণে সকাহ পোৱা যায় ।