টেট শিক্ষকৰ মাজত বৃত্তিধাৰী আন্দোলনকাৰী সোমালে তাতকৈ জাতিটোৰ বাবে দুখৰ কথা একো নাইঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ছিপাঝাৰত গুণোৎসৱত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।টেট শিক্ষকৰ আন্দোলনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”নতুন অসমত কৰ্মযজ্ঞৰ প্ৰয়োজন।আন্দোলনজীৱি সৃষ্টি কৰিলে প্ৰগতিত হেঙাৰ হ’ব।কৰ্মযজ্ঞই পূৰণ কৰিব,দীপ্তমান অসমৰ সপোন।৫ বছৰৰ ভিতৰত দেশৰ ৫ ৰাজ্যৰ তালিকাভুক্ত হ’ব অসম।আন্দোলন শব্দটোৰ বিৰোধিতাৰে আৰম্ভ হ’ব লাগিব অসমৰ শিক্ষা ব্যৱস্থা।শিক্ষক সকলে আন্দোলন কৰিলে ছাত্ৰ-ছাত্ৰী সকলে আন্দোলন কৰাটো নায্য বুলি ভাৱে।টেট শিক্ষকৰ মাজত বৃত্তিধাৰী আন্দোলনকাৰী সোমালে তাতকৈ জাতিটোৰ বাবে দুখৰ কথা একো নাই।আন্দোলন কৰিলে ছাত্ৰ-ছাত্ৰী বিজ্ঞানী নহয়,আন্দোলনকাৰী হ’ব।”