টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হয় ভাৰত

Pc Hindustan times

ৰঙিলী বাৰ্ত্তাসেৱা- আজি অনুষ্ঠিত হৈছিল টী২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল।ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল আজিৰ এই খেলখন। ছেমি ফাইনেলৰ আজিৰ খেলখনত ভাৰতে ইংলেণ্ডৰ হাতত চৰম পৰাজয় বৰণ কৰে।এডিলেইডত ইংলেণ্ডৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত ৰোহিত শৰ্মাবাহিনী । প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ বিৰাট কোহলীয়ে ৫০ ৰান আৰু হাৰ্দিক পাণ্ডিয়াই ৬৩ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডে ১৬ অভাৰতেই বহু প্ৰত্যাশিত মেচখন সমাপ্ত কৰে । জ’ছ বাটলাৰে ৪৯ টা বলত ৮০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে এলেক্স হেলছে ৪৭ টা বলত ৮৬ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ১৬ অভাৰত ১৭০ ৰাণ সংগ্ৰহ কৰি ভাৰতক পৰাস্ত কৰে।ইয়াৰ লগে লগে ইংলেণ্ড ফাইনেলত প্ৰৱেশ কৰে। পাকিস্তান আৰু ইংলেণ্ডৰ মাজত টী২০ বিশ্বকাপৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব।