টি-২০ বিশ্বকাপত মেণ্টৰ(Mentor) হিচাপে ধোনীয়ে দলটোৰ মনোবল আৰু বৃদ্ধি কৰিব: বিৰাট কোহলী
ৰঙিলী বাৰ্ত্তাসেৱা- টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে টি-২০ বিশ্বকাপৰ মেণ্টৰ(Mentor) হিচাপে প্ৰাক্তন অধিনায়ক এম এছ ধোনী থকাটোৱে দলটোৰ মনোবল আৰু বৃদ্ধি কৰিব। তেওঁ লগতে কয়, “যেতিয়া যিকোনো দলত নেতৃত্বৰ ভূমিকাত থাকে তেতিয়া তেওঁ এক পাৰ্থক্য আনিদিয়ে। তেওঁক পৰিৱেশত পাই সম্পূৰ্ণ আনন্দিত। তেওঁ নিশ্চিতভাৱে এই দলটোৰ মনোবল আৰু অধিক বৃদ্ধি কৰিব”। টি-২০ বিশ্বকাপ দেওবাৰে আৰম্ভ হ’ব।