টিপচাকি
অনামিকা(সংগীতা)কলিতা,শুৱালকুছি
:মা,কেৰাচিন আছে নে টিপচাকিত ? কাইলৈ গণিতৰ ছাৰক নেওতা মুখস্থ দিব লাগিব ।
: ঢেঁকী ধান বানী থকা মাকে পুতেকৰ মুখলৈ চাই ক’লে- কালিও ধনদাইটিৰ দোকানত গৈছিলো তেল নেপালো,
নিশাটোৰ বাবে বোপা এইখিনি তেল আছে ,,,,!
:”হব দিয়া মা ,তেতিয়া হ’লে এতিয়া নপঢ়ো ৰাতিপুৱা উঠিয়েই পঢ়িম তুমি মোক উঠাই দিবা!
:মাকে হ’ব বুলি শলাগিলে। গিৰিয়েক টান নৰিয়াত ঢুকাল আজি এবছৰে হ’ল ।তেওঁ বহুত কষ্টকৰি অকলেই ঘৰখন চলাই নিছে ।দৰিদ্ৰতাই কোঙা কৰা ঘৰখন জোৰা টাপলি মাৰি কেনেকৈ চলাই নিছে তেওঁহে জানে।সন্তান দুটিক যিমান খিনি সুবিধা দিব লাগিছিল পৰা নাই তথাপিও তেওঁ কাৰো ওচৰত হাত নেপাতি নিজে অশেষ পৰিশ্ৰম কৰি চলাই গৈছে ।সিহঁতকো বুজাই থাকে নিজৰ কৰ্ম কৰি যাব’লৈ, সিহঁতেও মাকক যি খিনি পাৰে সহায় কৰি দিয়ে।
:সপ্তম শ্ৰেণীত পঢ়ি থকা যতিনে মাকক সুধিলে,গাঁওৰ ধনদাইটিয়ে তাক ৰাতিপুৱা বাতৰি খিনি বিলোৱা কামটো দিছে কৰিব নে? ৰাতিপুৱা এঘন্টাৰ কাম সেইখিনি কৰিলে মাহত এহেজাৰ টকা পাব । তাৰ আৰু ভায়েকৰ স্কুলৰ বহি কলম পৰীক্ষাৰ মাছুলখিনি হৈ যাব ।মাকে তাক প্ৰথমতে কৰিব মানা কৰিছিল পঢ়াত যদি সময় নেপাই কি হ’ব? গিৰিয়েকৰ আত্মাই তেওঁকে দুখিব কিন্তু পুতেকৰ ঘৰৰ প্ৰতি থকা দায়িত্বৰ অনুভৱ দেখি বাধ্য হৈ কৰিব দিলে ।
ল’ৰা দুটাই সিহঁতৰ পঢ়াও নিয়াৰিকৈ চলাই নিছে লগতে প্ৰতিটো দিনৰ কৰ্মও খুব সুন্দৰ কৰি গৈছে দেখি মাক ৰমলাৰ মন প্ৰশান্তিৰে ভৰি পৰে।মাকক সিহঁতে আজিকালি বেছি কাম কৰিব নিদিয়ে দুয়ো কামবোৰ পাৰেমানে ভগাই লৈছে। এনেদৰে দুয়ো ভাই ককাই টিপচাকিৰ পোহৰত সাতোৰঙী সপোন দেখাৰ লগতে নিজৰ জীৱনটো সফলতাৰ বাট বোলাৰ উপৰিও বহুতক সাহস যোগাই আহিছে।এতিয়া সিহঁত দুয়ো চৰকাৰী বিভাগত বিষয়া হিচাপে কৰ্মৰত নিজৰ ঘৰ ধুনীয়াকৈ বনালে টিপচাকিৰ সলনি বিজুলী বাতিৰে পোহৰাই তুলিলে। গাঁওৰ মানুহখিনিকো যিমান পাৰে সহায় কৰি যায়।সিহঁত গাঁওখনৰ আদৰ্শ হিচাপে সকলোৱে শ্ৰদ্ধা কৰে। পৰিয়াল ল’ৰা ছোৱালী সম্পূৰ্ণৰূপে দুয়ো ভাই ককাইৰ একোখন ঘৰ হ’ল কিন্তু নিজৰ টেবুলখনৰ একোণত টিপচাকি দুটি দুয়ো সজাই থৈছে এতিয়াও কাৰণ অতীতৰ পৰাই ভৱিষ্যতৰ আৰম্ভণি হয় ।সিহঁতৰ নৱপ্ৰজন্মক সেই আৰ্হিত সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সংকল্পবদ্ধ।মাক/দেউতাকে দি যোৱা প্ৰতিটো উপদেশ সিহঁতৰ জীৱনৰ মূলমন্ত্ৰ।