টিংকল আলোচনীখনক পুনৰ ৰাইজৰ মাজলৈ অনাৰ এক প্ৰচেষ্টা

টিংকল আলোচনীখনক পুনৰ ৰাইজৰ মাজলৈ অনাৰ এক প্ৰচেষ্টা

বার্তাসেৱা– সুপন্দি,তন্ত্ৰী নামৰ মন্ত্ৰী, চিকাৰী শম্ভু,অমৰ চিত্ৰ কথা ইত্যাদি নাম বোৰ বাৰু আপোনালোকৰ শুনা শুনা যেন লাগিছে নিকি?হয় মই সেই আশী দশকৰ ল’ৰা,ডেকা,বুঢ়া সকলোৰে প্ৰিয় যুগজয়ী ‘টিংকল’খনৰ কথাকে কৈছো।কিমান যে ধুনীয়া আছিল সেই দিনবোৰ!মোবাইল ফোনৰ পৰা শত শত যোজন দূৰৈৰ ইমান যে ভাল লগা দিনবোৰ।স্কুলৰ পঢ়া কিতাপৰ মাজত সুমুৱাই লৈ মনে মনে টিংকল পঢ়া সেই দিনবোৰে নষ্টালজিক কৰি তুলে,নহয়নে বাৰু?আপোনালোকৰ মন নাযায় নে সেই টিংকল খনক আকৌ কাষত পাবলৈ?আকৌ আকোৱালি লবলৈ?নৱপ্ৰজন্মক চিনাকী কৰি দিবলৈ?আহকচোন টিংকল খনক পুনৰ আদৰি আনো আমাৰ মাজলৈ।তাৰ বাবে প্ৰয়োজন মাত্ৰ ৫০০০ প্ৰি-ৰেজিষ্ট্ৰেচন পুনৰ মুদ্ৰণৰ বাবে ।এতিয়ালৈকে ৪৭৬৪ ৰেজিষ্ট্ৰেচন হৈছে আৰু মাত্ৰ প্ৰয়োজন ২৩৬ টা ৰেজিষ্ট্ৰেচনৰ।কিন্তু আমি ৫০০০ সীমাবদ্ধ নাথাকি অসীমিত ৰেজিষ্ট্ৰেচৰেৰে টিংকলৰ প্ৰতি থকা আমাৰ মৰম ভালপোৱা তথা আগ্ৰহৰ বহিঃপ্ৰকাশ ঘটাব নোৱাৰোনে?আহকচোন ৰাইজ,এই যান্ত্ৰিকতাৰ যুগত আকৌ এবাৰ টিংকল খন আকোৱালি লৈ নৱপ্ৰজন্মক আন এক মনোৰঞ্জনৰ খোৰাক দিওঁ,নিজেও লওঁ।
টিংকলক কাষত পাবলৈ আজিয়েই তলৰ লিংকটোত ৰেজিষ্ট্ৰেচন কৰক আৰু যিমান পাৰে কৰোৱাওক।

আপোনাৰ প্রিয় টিংকল্ খন পাবলৈ আজিয়েই তলৰ লিংকটোত ক্লিক কৰি নিজৰ নাম ৰেজিষ্টাৰ কৰক।

https://lm.facebook.com/l.php?u=https%3A%2F%2Fforms.gle%2FcBcaFPxpS9Y7kfxn7%3Ffbclid%3DIwAR3WFdn-bVKg8lLB2AsYo3amiuJwlyeftAakvIv1q65c2EHMLXQu8Zo05XM&h=AT0jtAbXYLJoshe_DWBa-UiBQDyQXyVDo1aqOUshcTttsZgaP7W02x7D_NjxuGtMaBL4DaJWuC2OuC0JMvADF0g4rVPMGoiarfOzRUQY4jmUGiaL8l-OuZIIpqJ3ZOWlXXMHluH8M7qwee81aZNpAKaQDsybnOrB7jZ8L14

 

দেৱাশীষ গোস্বামী
নগাঁও অসম
৭৮৯৬৭২১৮৭৭