টাই ফাকে সমাজৰ পৰা প্ৰথম গৰাকী পি এইচ ডি ডিগ্ৰী লাভ ডিব্ৰুগড়ৰ পাও এইম হাইলৌঙৰ

টাই ফাকে সমাজৰ পৰা প্ৰথম গৰাকী পি এইচ ডি ডিগ্ৰী লাভ ডিব্ৰুগড়ৰ পাও এইম হাইলৌঙৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ ‘জে এন ইউ’ৰ পৰা গৱেষণা কৰি ডিব্ৰুগড়ৰ পাও এইম হাইলৌং পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।  সন্মানীয় শিক্ষানুষ্ঠানৰ পৰা পি এইচ ডি ডিগ্ৰীলাভ কৰা হাইলৌং টাইফাকে সমাজৰ প্ৰথম গৰাকী গৱেষক ছাত্রী। তেওঁ বিশ্ববিদ্যালয়খনৰ International Legal Studies বিভাগৰ পৰা Protection of Human Rights Defeders : Implementation Issues and Challenges.বিষয়ক গৱেষণা কৰি এই ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে পাও এইম হাইলৌং এগৰাকী লেখিকা আৰু সাংস্কৃতিক কর্মী হিচাপেও ইতিমধ্যে পৰিচিতি লাভ কৰিছে। তেওঁ ৰচনা কৰা টাইফাকে সাধু ইতিমধ্যে ইংৰাজীকে ধৰি দেশৰ একাধিক ভাষালৈ অনুবাদ হৈছে আৰু টাইফাকে সকলৰ সংস্কৃতিক উপস্থাপন কৰি ৰচনা কৰা আলেখ্য বিভিন্ন মঞ্চত উপস্থাপিত হৈছে। পাও এইম হাইলৌং বর্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত কলেজ এখনত অধ্যাপনা কৰি আছে। তেওঁৰ পিতৃ আই লট হাইলৌং এগৰাকী টাইফাকে ভাষাৰ গৱেষক আৰু মাতৃ আম চন হাইলৌং (গোহাঁই) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষা অধ্যয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক। তেওঁলোকৰ প্রকৃত ঘৰ নাহৰকটীয়াৰ নামফাকে গাঁৱত আৰু সম্প্ৰতি ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ স্থায়ী বাসিন্দা।