টকিঅ’ অলিম্পিকত ভাৰত তথা অসম কন্যা লভলিনা বৰগোহাঁইয়ৰ বক্সিঙত ব্ৰঞ্জৰ পদক লাভ

pc Outlook India

টকিঅ’ অলিম্পিকত ভাৰত তথা অসম কন্যা লভলিনা বৰগোহাঁইয়ৰ বক্সিঙত ব্ৰঞ্জৰ পদক লাভ

অনলাইন বাৰ্ত্তাসেৱা – বিজেন্দ্ৰ সিং (২০০৮) আৰু মেৰী কম (২০১২)ৰ পিছত অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লভলিনা বৰগোহাঁই তৃতীয়জন ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছে। টকিঅ’ অলিম্পিকত মহিলাৰ ৱেলটাৰৱেট ডিভিজনৰ (৬৪ কিলোগ্ৰাম-৬৯ কিলোগ্ৰাম) ছেমি ফাইনেলত ২৩ বছৰীয়া যুৱতীগৰাকী তুৰ্কীৰ বুছেনাজৰ হাতত পৰাজিত হয়। বৰ্তমানলৈকে ভাৰতে টকিঅ’ অ’লিম্পিকত এটা ৰূপৰ পদক সৈতে দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

(UD.)