টকাৰ খেল
মেধাবী গুণ মূল্যহীন
টকাৰ বলেৰে চলে জীৱনৰ ঘৃণণীয় খেল,
দুই ঘন্টাত নহয় জীৱনৰ পৰীক্ষা
টকাই দিব পাৰে অযোগ্যতাক যোগ্যতা!
টকাৰ বলেৰে ভাঙি দিয়ে
ক’ত সপোনৰ পঁজা,ক’ত মেধাবীৰ আশা,
মানৱীয়তাক গচকি টকাই কৰে জয়যাত্রা
এয়াই বৰ্তমান যুগৰ ঘৃণণীয় সত্যতা।।
ডলি মণি বৈশ্য , গুৱাহাটী