ঝাৰখণ্ডে গণহিংসা আৰু লিঞ্চিং প্ৰতিহত কৰিবলৈ বিধেয়ক গৃহীত কৰে

pc hindustan times

ঝাৰখণ্ডে গণহিংসা আৰু লিঞ্চিং প্ৰতিহত কৰিবলৈ বিধেয়ক গৃহীত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ঝাৰখণ্ড বিধানসভাই সাংবিধানিক অধিকাৰৰ “কাৰ্যকৰী সুৰক্ষা” আৰু ৰাজ্যখনত জনতাৰ হিংসা প্ৰতিৰোধৰ লক্ষ্যৰে গণহিংসা আৰু মব লিঞ্চিং প্ৰতিৰোধ বিধেয়ক, ২০২১ গৃহীত কৰিছে। প্ৰস্তাৱিত আইনখনে তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ডলৈকে কাৰাবাসৰ ব্যৱস্থা কৰিছে। যদি লিঞ্চিংৰ সময়ত এজন ব্যক্তিৰ মৃত্যু হয়, অপৰাধীসকলক ২৫ লাখ জৰিমনা বিহা হ’ব পাৰে।