জয় শংকৰ-নিতিষ্মান দাস

Pc IndiaFacts

জয় শংকৰ

জয় শংকৰ, ধন ভকতৰ
জগতৰ পৰম ৰতন।
তব তৰবৰ, মন তৎপৰ
অসতক কৰহ দমন।।
শংকৰ জগ, কৰহ সৰগ
ভৱ মন কৰহ তৰণ।
বক্ষ ভকতৰ, ধন জনমৰ
ভৱ তৰণ তব চৰণ।।
ইহ জনমৰ, ফল শংকৰ
তপনৰ সম তৰবৰ।
নৱ ভৱ মন, কৰহ জনন
পৰম জন অংশধৰ।।
তব তমগম, ধৰম কৰম
নৰ জনৰ পৰম ফল।
অধৰম হত, ধৰম জগত
বক্ষত তব ধৰম ধল।।
ফল জনমৰ, ধন ভকতৰ
ভজহ মই তব চৰণত।
ইহ জগতক, অসত মনক
কৰহ মংগল ই জগত।।

নিতিষ্মান দাস

নৱম শ্ৰেণী