জোনালী নাথ হত্যাৰ ন ন তথ্য পোহৰলৈ

জোনালী নাথ হত্যাৰ ন ন তথ্য পোহৰলৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  গোৱালপাৰাৰ দুধনৈৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ নতুন তথ্য পোহৰলৈ আহিছে। আজিবুৰ ৰহমান নামৰ এজনৰ সৈতে মিলি জোনালীক হত্যা কৰিছিল হাছানুৰ ইছলামে। এই আজিবুৰৰ বিৰুদ্ধে আছে বহু অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য। বৰ্তমান পলাতক অৱস্থাত আছে আজিবুৰ। আৰক্ষীয়ে আজিবুৰক কৰায়ত্ত কৰাৰ বাবে তীব্ৰতৰ কৰি তুলিছে অভিযান।উল্লেখ্য যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথক হত্যা কৰি ৰাজপথত পেলাই থৈছিল মৃতদেহ। কৃষ্ণাইৰ শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ১২ মে’ৰ নিশাৰ ভাগত উদ্ধাৰ হৈছিল বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ৷ দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত পেলাই থৈ যায় মৃতদেহ। তাৰ পিছত হাছানুৰ নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে।