জোনাক ৰাতি – ছেলিমা বেগম

PC - Depositphotos
জোনাক ৰাতি
ছেলিমা বেগম
ৰাতিৰ মধুৰ জোনাক
ইমান নিজান কিয় ?
অকলে অকলে
জোনাক ৰাতি
তোমালৈ
মনত পৰিছে
আজি কিয়
নাই তুমি কাশতে,
শৰতৰ জোনাক
ৰাতি তুমি আৰু মই
অকলে কথা পাতিম
নাৰিকল গছৰ
পাতৰ আঁৰত
লুকুৱাই লুকুৱাই ৷
পাতৰ ফাকে ফাকে
পোহৰ আহি
পৰিব তোমাৰ
মোৰ নাকে মুখে ৷
তাকে চাই চাই
হাঁহি থাকিব
 স্নিগ্ধ জোনাক
ৰাতিৰ
 জোনবাই
তৰাৰ লগত ৷