জোনাকৰ বিলাপ – ড° লৱ ঠাকুৰীয়া

pc- kalerkantho
জোনাকৰ বিলাপ
ড° লৱ ঠাকুৰীয়া
আকাশৰ পৰা
জোনাকবোৰ সৰিছে
নিশাৰ আন্ধাৰবোৰক আতঁৰাই
জোনাকে নিজেই নাজানে
কিমান সময় ধৰাৰ অতিথি
আন্ধাৰ দেখি চঞ্চল জোনাক
হঠাৎ পোহৰে চানি ধৰিলে পৃথিৱী
জোনাকৰ মায়ামোহ নিমিষতে
চুৰমাৰ হ’ল
অশ্ৰুসিক্ত উচুপনি,
নিঃশ্চুপ বিলাপ কাতৰ চিঞৰ ।
সকলো অসম্পূৰ্ণ
থানবান হোৱা সপোনৰ
সমাধি নভবাকৈয়ে ।
Dr.Laba Thakuria