জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি অসম তৃণমূল কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আকস্মিক আৰু ৰহস্যজনক মৃত্যুক সাৱটি লোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। দলৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত দলৰ নেতা-কৰ্মীসকলে গণেশগুৰিৰ গণেশ উদ্যানৰ সন্মুখত মিলিত হৈ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ প্ৰতিচ্ছবিৰ ওচৰত মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰে।সভাপতি ৰিপুণ বৰাই সাংবাদিকৰে বাৰ্তালাপত জোনমণি ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুক ৰহস্যজনক বুলি অভিহিত কৰাৰ লগতে চিআইডি তদন্তৰ বিপৰীতে ন্যায়িক তদন্তৰ দাবী জনায়। বৰ্তমানৰ প্ৰেক্ষাপটত চিবিআইৰ দৰে সংস্হাৰ তদন্তৰ ওপৰতো ভৰসা কৰিব নোৱাৰি বুলি মন্তব্য কৰে।আনহাতে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে বিভিন্ন অভিযোগ উত্থাপিত নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীক উক্ত দায়িত্বৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনায়।দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাইও জোনমণি ৰাভাৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনায়। দলটোৰ নেতা কৰ্মীসকলে জোনমণি ৰাভাৰ প্ৰতি শ্ৰদ্ধা জনাই এক প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰে।