জীৱন-সংগীত
ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ,
বিশ্বাস কৰানে নকৰা নাজানো
আতঁৰি যোৱাৰ কথা নাছিল
আকাংক্ষা আৰু উৎকন্ঠাই
হাতত ধৰি
লাহে লাহে লৈ গৈছিল
নিলগলৈ……নিলগলৈ…….বহু নিলগলৈ
ধৰিবকে নোৱাৰিলো
দাপোণত মোৰ শান্ত মুখ
অথচ
শুবও নোৱাৰো, সাৰে থাকিবও নোৱাৰো
মন অৰণ্যত অহৰহ পক্ষীৰ কল্লোল
ভিৰৰ মাজতো
ইমান নিসংগ মানুহবোৰ
কেতিয়াবা
নাখাওঁ নবওঁ যেন লাগে
একান্ত ইচ্ছা আছিল, উভতি অহাৰ
উভতনি পথ যে ৰুদ্ধ
এতিয়া
ক’ৰ পৰা কেনেকৈ আৰম্ভ কৰো
জীৱনৰ এটা নতুন সংগীত
ৰ’দ জিলিকা সপোন এটাই ক’লে
তুমি য’ত থিয় হৈ আছা
তাৰ পৰাই, তেনেকৈয়ে
যেনেকৈ
মৰুভূমিত পানী অবিহনেও
বালিক সাৱটি
জী্য়াই থাকে গছ৷