জীৱন বৰ অনুপম – পুলিন ডেকা

Pc Christianity

জীৱন বৰ অনুপম 

পুলিন ডেকা

কাউৰীজনীৰ ওঁঠত ক’লা ঢৌৰ চামনি

আউসীৰ বা লাগি নাচি থকা নিশাটোৱে নিজৰ

 আৱৰণ গুচাই তাইক সুধিছিল – পোহৰলৈ আৰু কিমান দূৰ

আজন্ম ক’লা ৰঙ সানি আত্মাক শুদ্ধ কৰিব নোৱাৰা

সময়বোৰ বৰ দুঃসময়—ভগ্ন কণ্ঠৰে সংগীতময় লহৰে ক’লে

একেদৰেই অতৃপ্ত বাসনা লৈ ৰাজহাঁহবোৰে

পানীত তিতি আছিল

পাখিৰ বৰ্ণত শুভ্ৰ বৰফৰ চাকনৈয়া পৰিছিল

কাউৰীৰ মৌন আলাপত উকমুকাই উঠিছিল হেজাৰ বসন্তৰ

ৰেঙণি

আওপকীয়াকৈ কথাবোৰে শব্দৰ পোহৰ বিচাৰিছিল

 চৰি-ফুৰি ঢৌবোৰৰ গা গধুৰ হোৱাৰ সময়তে

ৰাজহাঁহজাকে কৈছিল— দুখ আমাৰ সুখৰ অভিধা

কলিজাক ৰুকি খোৱা শ্বেত সুৰভি

তাৰ পিছত আৰম্ভ হৈছিল এক অনন্য যাত্রা-

ভাটৌজনীৰ সেউজ আচলত ডালবোৰে ডুলিছিল

ক্ষোভ তাতেই এবাৰ পাতৰ হৰিৎ ৰঙৰ অভিধাত য

আলফুলীয়া ক’লা দাগবোৰক গতি দিব পৰা হ’লে!

কিন্তু, বটবৃক্ষডাল একেই আছিল

এখন চৰণীয় পথাৰে আছিল পৰিচয়

তাৰ ছাঁতে

ময়ুৰজনীৰ খোজত কম্পিত পৃথিৱীৰ ৰেঙণি পৰিছিল

পেখনৰ সাতৰঙী প্রতিবিম্বত

প্রতিনিয়ত বাজি আছিল মৃত্যুমুখী কোলাহলৰ কিছু প্ৰচ্ছয়া

সুখৰ সংজ্ঞা বিচাৰি কাউৰীৰ ধুলি স্পৰ্শ কৰিছিল

ক’লা, বগা, সেউজ আৰু বিচিত্ৰ বৰ্ণৰ ল’ৰা ধেমালিত

সাৰ পাই উঠিছিল আত্মাৰ পৰা খলপে খলপে এৰা শিপাবোৰ

 তাৰ পিছত কাউৰীজনীৰ নিৰন্তৰ যাত্ৰাৰ সামৰণি পৰিছিল

কাৰণ সুখ জীৱনৰ গভীৰতা, বৈভৱৰ ক্লেদাক্ত মৰুভূমি

জীৱনৰ অৰ্থ— মাথো আদান-প্রদান।