“জীৱন আৰু মৰণ”
প্ৰেমলৈ চোৱাঁ,
কেনেকৈ ই জোঁটপোট খোৱাই প্ৰেমত পৰোঁতা জনক।
প্ৰাণলৈ চোৱাঁ,
কেনেকৈ পৃথিৱীৰ সতে মিলি
ই নতুন জীৱন দিয়ে।
তুমিনো ইমান ব্যস্ত কিয়
ইটো-সিটোৰ লগত, বা
ভাল-বেয়াৰ লগত?
ধ্যান দিয়া কেনেকৈনো
সকলো মিশ্ৰিত হয়।
কিয় আলোচনা সকলো
জ্ঞাত আৰু অজ্ঞাতক লৈ,
ধ্যান দিয়া কেনেকৈ অজ্ঞাত
বিলীন হয় জ্ঞাতত।
কিয় বেলেগকৈ ভাবা
এইটো জীৱন পিছৰটোৰ পৰা,
যি ক্ষেত্ৰত এটাৰ জন্ম হৈছে পিছৰটোৰ পৰাই।
তোমাৰ হৃদয় আৰু জিভা চোৱাঁ
এখনে অনুভৱ কৰে, অথচ মূক আৰু বধিৰ!
আৰু আনখনে কথা কয় ধ্বনি আৰু ইংগিতেৰে।
চোৱাঁ পানী আৰু জুইলৈ
মাটি আৰু বতাহলৈ
শত্ৰু আৰু মিত্ৰ একেসময়তেই।
কুকুৰনেচিয়া আৰু ভেড়া
সিংহ আৰু হৰিণা
বহু দূৰৈত অথচ একেলগে।
বসন্ত আৰু শীতকালৰ ঐক্যতা চোৱাঁ,
বিষুবত প্ৰকাশিত হোৱা।
তোমালোকেও মিলা-মিচা কৰিব লাগিব মোৰ বন্ধু সকল,
যিহেতু পৃথিৱী আৰু আকাশ
মিলিত হৈছে মাত্ৰ আমাৰ বাবেই।
কুঁহিয়াৰৰ দৰে হোৱা
মিঠা অথচ নিৰব,
তিতা শব্দৰ সতে মিলিত নহ’বা।
মোৰ প্ৰিয়জন মোৰ হৃদয়ৰ পৰাই ঠন ধৰি উঠে,
ইয়াতকৈ আৰু একতা কি হ’ব পাৰে!
***
মাউলানা জালালুদ্দিন ৰুমিৰ
নাদিৰ খালিলীৰ ইংৰাজী অনুবাদৰ পৰা।
অসমীয়া অনুবাদ:
চৈয়দা জেবীন চাবীৰা শ্বাহ।
নিউয়ৰ্ক।
***