জীৱনৰ পৰিৱৰ্তন
মনোজ বৰা, যোৰহাট
জুপুৰীবোৰ বিল্ডিং হ’ল
মানুহ কমিল
হেঁপাহবোৰ নিলাম হ’ল
মৰম পমিল ।
ককা আইতাৰ ঠিকনা হ’ল
বৃদ্ধা আশ্ৰম
পো-বোৱাৰীয়ে চাব নোৱাৰে
সময় যে কম ।
নাতি সকল ওচৰ নাচাপে
পঢ়া হ’ব খতি
দেখিছানে সম্পৰ্কবোৰৰ
কি হৈছে গতি ।
জপনা গুচি গেট হ’লগৈ
ওলমিল ফলক
কেনিও ক’তো চাব নোৱাৰি
লাগে জলক তবক ।
ফলকত লিখা থাকে
কুকুৰৰ পৰা সাৱধান
চুবুৰীয়াৰ লগত বাঢ়িল
লাহে লাহে ব্যৱধান ।
কাষৰ ঘৰৰ বিপদে আপদে
নিদিয়ে এটি মাত
মিলাপ্ৰীতি মৰম দয়া
থাকে জানো তাত ?
কোনোবা জন আহেও যদি
ভাল নাপায় বৰ
কিয় আহিলে প্ৰশ্ন সোধে
কৰি খৰধৰ ।
তামোল এখনো নাযাচে কাকো
ঘৰ লেতেৰা হ’ব
চিকচিকিয়া ঘৰবোৰত এদিন
তলা ওলমি ৰ’ব ।
চকুৰ আগতে দেখিছোঁ বহু
এনে নিৰ্মম চিত্ৰ
সকলোবোৰ পৰ হৈ পৰে
নাই কোনো মিত্ৰ ।
দালানত থাকিলেও
শেষ আশ্ৰয় মাটি
আয়ু বেলি মাৰ গ’লে
হ’বই কিন্তু ৰাতি ।
