জিনপিঙৰ আমন্ত্ৰণত চীনে আয়োজন কৰা ভাৰ্চুৱেল ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত ২৩ আৰু ২৪ জুনত চীনে আয়োজন কৰা ভাৰ্চুৱেল ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়। ইয়াৰ ভিতৰত আছে ২৪ জুনত অতিথি দেশসমূহৰ সৈতে বিশ্ব উন্নয়নৰ ওপৰত এক উচ্চ-পৰ্যায়ৰ আলোচনা। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, ব্ৰাজিলৰ জাইৰ বোলচোনাৰো আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই সন্মিলনত অংশগ্ৰহণ কৰিব।