জাৰ্মানীত বৃদ্ধি কৰʼনা সংক্ৰমণ

Pc- Hindustan times

জাৰ্মানীত বৃদ্ধি কৰʼনা সংক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- জামানীৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৩,৯৪৯ গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে ।দেশখনত দৈনিক সংক্রমণৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। দেশখনৰ ৰোগ নিয়ন্ত্ৰণ সংস্থাই সদৰী কৰা অনুসৰি নতুনকৈ সংক্ৰমণৰ ফলত পুনৰ ক’ভিড প্ৰতিৰোধী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে।কʼভিডৰ ডেল্টা প্ৰকৰণৰ সংক্রমণে  ইউৰোপৰ অন্যান্য দেশৰ লগতে জার্মানীতো আতংক সৃষ্টি কৰিছে। দেশখনৰ স্বাস্থ্যমন্ত্রী জেনছ স্পানে উল্লেখ কৰা অনুসৰি ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে শীর্ষ বিষয়ববীয়া আৰু প্ৰাদেশিক স্বাস্থ্যমন্ত্ৰীসকলৰ এক জৰুৰী বৈঠক আহ্বান কৰা হৈছে।