জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন তথা শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান

জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন তথা শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-   জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত কৃতী ছাত্ৰ –ছাত্ৰীসকলক বিশেষ অভিনন্দন জনাই শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান শতাধিক ৰাইজৰ উপস্থিতিত সম্পন্ন হয় । বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হোৱাৰ পূৰ্বে সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি ৰাজহুৱা সভাতে প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি পুৰষ্কাৰ প্ৰদান কৰা হয় । সন্ধিয়া জি. টিভিৰ DID Little Master season: 5ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃ্ত্য প্ৰতিযোগিতাত চেম্পিয়ন খিতাপ লাভ কৰা ঘোলাঘাটৰ সন্তান নৱজিৎ নাৰ্জাৰীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । ৰাইজৰ পূৰ্ণ সহযোগিতাৰ বাবে জামুগুৰি প্ৰেছ ক্লাবৰ সভাপতি প্ৰসেনজিৎ শইকীয়া , কাৰ্যকৰি সভাপতি মৃদুল বৰা তথা সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম শইকীয়া , ৰিতুপন দত্তই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।