জামিন লাভ কৰিলে বিতৰ্কিত আৰক্ষী বিষয়া জোনমনি ৰাভাই

PC Sentinel Assam

জামিন লাভ কৰিলে বিতৰ্কিত আৰক্ষী বিষয়া জোনমনি ৰাভাই

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত আৰক্ষী বিষয়া জোনমনি ৰাভাই।মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দিলে জামিন।৪ জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত আছিল জোনমণি ৰাভা।১মাহ ৪দিনৰ অন্তত জোনমণি ৰাভাক জামিন প্ৰদান কৰিলে মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।উল্লেখযোগ্য যে,নিজৰ হ’বলগীয়া স্বামীক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে দখল কৰিছিল সংবাদ শিৰোনাম।প্ৰৱঞ্চনাৰ গোচৰত ভাবি স্বামী ৰাণা পাগাগৰ সৈতে নাম সাঙোৰ খাইছিল জোনমণিৰ।তেওঁৰ দুটা বেংক একাউন্টত প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল।ইয়াৰ পিছতে গ্ৰেপ্তাৰ হৈছিল এছ আই জোনমণি ৰাভা।