জামিন পালে চুমি বৰাই
ৰঙিলী বাৰ্ত্তাসেৱা- ট্ৰেডিং কেলেংকাৰীৰ গোচৰত জামিন পালে চুমি বৰাই। চিবিআইৰ অন্তিমটো গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে চুমি বৰা। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ কৰিলে চুমি বৰাই। কিন্তু জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। এতিয়াও মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱা নাই চুমি বৰাৰ। বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ। সেই দুটা গোচৰত জামিন লাভ কৰা নাই চুমি বৰাই। গতিকে জামিন লাভৰ পাছতো জে’লতে থাকিব লাগিব চুমি। দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ পাছত কিছুদিন জামিন লাভ কৰিছিল অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসে। শুনানি গ্ৰহণ কৰি এই তিনিওজনৰে জামিন মঞ্জুৰ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাৰ জামিন আবেদন কেইবাৰো নাকচ কৰিছিল ন্যায়ালয়ে। আটাইকেইজন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তক বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে।