pc.-pexels
নিদ্ৰালু সপোন এমুঠিমান আছিল যে !!
শেতেলীত তাৰ পাখিবোৰ, সৰি সৰি পৰিছে আজি….
সমাধিৰ শয্যাত সেকিব খুজিছিল
আশাৰ আঁচলখনক নিলাজ নিতাল মুহূৰ্তবোৰে
আপোন পাহৰা হৈ,
জানো কিয় বা….?
নিলগতেই ৰৈ পৰা সময়ে
গুঠি গুঠি গৈছিল নিৰ্দয় হাবিয়াসৰ
গোলাপী গোলাপী পলবোৰ ।
পিছে স্পন্দিত শিলটোও এতিয়া,
ভাগৰি পৰিল অ’,
জীয়ন চিত্ৰখন আঁকি আঁকি ।
তথাপিও চোন হাৰ নামানে আজি হাবিয়াসেও
শব্দেৰে ভাৱনাবোৰক জুখি জুখি,
মনক পূৰ্ণতা দিবলৈ…!
জানো কিয় বা…?
সংগীতা মাইনা ডেকা,
ৰঙিয়া