জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে দিল্লীত ধৰ্ণা এআইএছইচিৰ

জাতীয় শিক্ষানীতিৰ বিৰুদ্ধে দিল্লীত ধৰ্ণা এআইএছইচিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ উদ্যোগত আজি দিল্লীৰ যন্তৰ মন্তৰত জাতীয় শিক্ষা নীতি’২০২০ৰ বিৰুদ্ধে  সৰ্বভাৰতীয় পৰ্যায়ৰ এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰা হয়। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা তিনি শতাধিক বুদ্ধিজীৱী, শিক্ষাবিদ,শিক্ষক তথা ছাত্ৰ প্ৰতিনিধি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসমৰ পৰা ৩০ জন প্ৰতিনিধি এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।বিজেপি পৰিচালিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনে গণতান্ত্ৰিক আন্দোলনৰ অধিকাৰ খৰ্ব কৰি যন্তৰ মন্তৰৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰ সংখ্যা নিৰ্ধাৰিত কৰি দিছিল।সমাৱেশত দেশৰ ভালে সংখ্যক স্বনামধন্য শিক্ষাবিদ, বুদ্ধিজীৱী অংশগ্ৰহণ কৰে আৰু জাতীয় শিক্ষা নীতি’২০২০ৰ বিৰুদ্ধে তেওঁলোকৰ অৱস্থান ব্যক্ত কৰি, এই শিক্ষা নীতিৰ বিভিন্ন সৰ্বনশীয়া দিশৰ বিশ্লেষণ দাঙি ধৰে আৰু এই শিক্ষা নীতি বাতিলত চৰকাৰক বাধ্য কৰাৰ পৰিপূৰক শক্তিশালী শিক্ষা আন্দোলন গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ দেশৰ সকলো অংশৰ শুভবুদ্ধিসম্পন্ন মানুহৰ প্ৰতি আহ্বান জনায়। অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ সম্পাদক মণ্ডলীৰ সদস্য  অধ্যাপক তৰুণ মণ্ডল, অধ্যাপক হোচিমিন থিলাগাৰ আৰু অধ্যাপক সাৰদা দীক্ষিতৰ পৰিচালনাত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত উদ্বোধনী বক্তব্য ৰাখে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ সাধাৰণ সম্পাদক অধ্যাপক ড° আনীশ ৰায়ে। ইয়াৰ পাছত বিভিন্ন ৰাজ্যৰ পক্ষে ছেভ এডুকেচন কমিটীৰ পক্ষৰ পৰা এজনকৈ প্ৰতিনিধিয়ে বক্তব্য দাঙি ধৰাৰ লগতে বিশিষ্ট শিক্ষাবিদ-বুদ্ধিজীৱি সকলৰ পক্ষৰ পৰা বক্তব্য ৰাখে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সচ্চিদানন্দ সিনহা, খ্যাতনামা ভূতত্ববিদ, কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ধ্ৰুৱজ্যোতি মুখাৰ্জী, বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন অধ্যাপক ড° মিৰাতুন্নাহাৰ, খ্যাতনামা সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মী জন দয়াল সহ বিভিন্ন বক্তাই। অসম পক্ষে এই ধৰ্ণা কাৰ্যসূচীত বক্তব্য ৰাখে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰ’ই।