জাতীয় মহিলা পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

জাতীয় মহিলা পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  চান্দমাৰীস্থিত মুখ্য কাৰ্যালয়ত  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে এখন ৰুদ্ধদ্বাৰ কাৰ্যনিৰ্বাহক বৈঠক আবেলি ৪ বজাৰ পৰা বজালৈ অনুষ্ঠিত হয়৷ উক্ত বৈঠকত জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী বিনীতা কুমাৰ, সম্পাদিকা মামণি দৈমাৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আদি কৰি ৩০ জন মান উপস্থিত আছিল৷ জানিব পৰা মতে তেওঁলোকে আজিৰ বৈঠকত ১নং প্ৰস্তাৱ হিচাবে মূল্য বৃদ্ধিৰ ওপৰত কাৰ্যসূচী গ্ৰহণ,২নং প্ৰস্তাৱ অসমৰ প্ৰতিখন জিলাতে সাংগঠনিক দিশ শক্তিশালী কৰা,৩ নং প্ৰস্তাৱ নাৰী নিৰ্যাতন ৰোধ কৰা,নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰাকে আদি কৰি আজিৰ বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰে৷