জাইকা সাহায্যপ্রাপ্ত গুৱাহাটী পানী যােগান প্রকল্পৰ তদন্তৰ কাৰ্যকাল বৃদ্ধি 

pc MYNewsNE

জাইকা সাহায্যপ্রাপ্ত গুৱাহাটী পানী যােগান প্রকল্পৰ তদন্তৰ কাৰ্যকাল বৃদ্ধি 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে এক অধিসূচনা যােগে জাইকা সাহায্যপ্রাপ্ত গুৱাহাটী পানী যােগান প্রকল্পৰ দুর্নীতি সন্দৰ্ভত তদন্তকাৰী বিষয়া, অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ (আই এ এছ)তদন্ত কার্যকাল বৃদ্ধি কৰিছে। উল্লেখযােগ্য যে জাইকাৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ আৰু তদন্ত অব্যাহত ৰাখি প্রতিবেদনত উল্লেখ কৰা বিষয়সমূহৰ সম্পূর্ণ তথ্য নির্ণয় কৰিবলৈ এই কার্যকাল বৃদ্ধি কৰা হৈছে।