জল জীৱন মিছনৰ মʼবাইল এপ  মুকলি

pc- The Indian Express

জল জীৱন মিছনৰ মʼবাইল এপ  মুকলি

অনলাইন বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন মিছনৰ মʼবাইল এপ  মুকলি কৰে।প্ৰধানমন্ত্রী মোদীয়ে জল জীৱন মিছনৰ সৈতে জড়িত গাঁও পঞ্চায়ত আৰু জল সমিতি/জল গাঁও আৰু অনাময় কমিটীৰ সৈতে বাৰ্তালাপ কৰি কয় যে  বিগত ৭০ বছৰত ৩ কোটিক জলসংযোগ দিয়া হৈছিল। ইয়াৰ বিপৰীতে বিগত দুবছৰত ৫ কোটিক জলসংযোগ দিয়া হৈছে। ২০১৯ চনত জল জীৱন মিছন আৰম্ভ কৰাৰ পিছতেই পাঁচ কোটি পৰিয়ালক জলৰ সংযোগ দিয়া হৈছে। তেনেদৰে প্ৰায় ১.২৫ গাঁৱত প্ৰতিটো পৰিয়ালক নতুনকৈ টেপ ৱাটাৰ দিয়া হৈছে। সাতটা দশকত দেশত যিমান কৰা হোৱা নাই বিগত মাত্ৰ দুটা বছৰতেই ইয়াতকৈ অধিক কাম কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ জিলাসমূহত পাইপ ৱাটাৰৰ সংযোগ ৩১ লাখৰ পৰা ১.১৬ কোটিলৈ বৃদ্ধি হৈছে। জল জীৱন মিছনে সময় ৰেহাই কৰি মহিলাক সবলীকৰণ কৰি তোলাৰ লগতে সেই ৰেহাই হোৱা সময়খিনিত মহিলাসকলে তেওঁলোকৰ সন্তানক শিক্ষিত কৰিবলৈ সুযোগ পাইছে।