জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালি

জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালি

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰ আৰক্ষীৰ জালত পৰিল চৰকাৰী চাকৰিৰ নামত দালালি কৰা ৭টা দালাল।৭ দালালে জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰিছিল।জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰি থকাৰ সময়তে দিছপুৰ আৰক্ষীৰ জালত পৰিল দালালকেইটা।দালালকেইটাই বৰবাৰীৰ জিডি ল’জত বাহৰ পাতি আছিল।দেওবাৰে নিশা দিছপুৰ আৰক্ষীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা দালালকেইটাক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালালকেইটা কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক,নলবাৰীৰ গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ, প্ৰাঞ্জল বৰ্মণ, বশিষ্ঠৰ জয়ন্ত ডেকা আৰু গোৱালপাৰাৰ জয়ন্ত দাস।