জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ ২ জন উগ্ৰপন্থী সহযোগীক গ্ৰেপ্তাৰ

pc DNA India

জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ ২ জন উগ্ৰপন্থী সহযোগীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰ আৰক্ষীয়ে বুদগাম জিলাৰ বিয়েৰৱাহৰ পৰা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন উগ্ৰপন্থী সহযোগীক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এলইটিৰ আপত্তিজনক সামগ্ৰী, এটা চীনা পিষ্টল আৰু ১২ টা পিষ্টল ৰাউণ্ডসহ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ তেওঁলোকৰ ওচৰৰ পৰা জব্দ কৰা হৈছে, আৰক্ষীয়ে লগতে কয়। তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।