জন্মদিন- স্বাগতা বৰুৱা গোস্বামী

Pc-Good Housekeeping

জন্মদিন

৬ জুন ,এটি আবেগ
য’ত সোমাই আছে
ৰঙা গোলাপ পাহি
যাৰ গোন্ধত,মই পাহৰি গৈছিলো
মোৰ শৰীৰৰ অসহ্য বেদনা
পুৱা ৭বাজি ২০মিনিট
আমাৰ বাবে এটি পবিত্ৰ ক্ষণ
সেইদিনাই আমাৰ কোলা শুৱনি কৰিবলৈ আহিছিল
আমাৰ কনমানিকণ ।
ধলপুৱাৰ চাউলীয়া বৰষুণ জাকৰ গাতে ভেজা দি অহা মলয়া চাতিক সুধিছিলো
আজি আকৌ তুমি কিয় কান্দিছা?
শীতল বা বুলাই কাণে কাণে কৈ গৈছিল…
আমাৰ মৰমৰ অস্পৰাজনী
আজিৰ পৰা তোমালোকৰ ..
আবেগৰ আবেষ্টনিৰে
সাৱটি ধৰিছিলো কণমানিৰ দুহাতত
চাব খুজিছিলো
দুই নয়ন ভৰি
কিন্তু পৰা নাছিলোঁ
…….
তাৰপিছত থুনুক থানাক মাত
অকনমান উৎপাত
আৰু বহুত বহুত মৰম
চাওঁতে চাওঁতে আজি তাই ৪বছৰীয়া হ’ল
আমাৰ মৰমৰ কনমানিজনী
অকনমান যেন ডাঙৰ হ’ল
মৰমৰ চিল্কি মাইনা
সদায় সুখী হোৱা
সফলতাৰ উচ্ছ শিখৰলৈ
আগবাঢ়ি যোৱা
এয়ে মা-দেউতাৰ তোমালৈ শুভকামনা…

স্বাগতা বৰুৱা গোস্বামী