জন্মদিনৰ বিশেষ- মুন শৰ্মা

Pc Adobe Stock
অণুগল্প :-
জন্মদিনৰ বিশেষ
 আজি অভিজিতৰ জন্মদিন।সেয়ে ঘৰৰ সকলোৱে আয়োজন কৰিবলৈ হাঁহি আনন্দৰে  যা- যোগাৰ কৰাত লাগিছে।কিন্তু অভিজিতৰ মনত  কোনো আনন্দ নাই কাৰণ,সি ৰাতিপুৱাৰ পৰা ভাবি আছে জন্মদিন বুলি বিশেষ ভাবে অন্য কিবা কৰাৰ। সেই সময়তে দেউতাকে তাক কিবা দৰকাৰত বিচাৰি আহি সি কিবা চিন্তা কৰি থকা অৱস্থাত দেখিলে। সেয়ে তাক সুধিলে কি হ’ল তোমাৰ? তেতিয়া দেউতাকৰ আগত তাৰ মনৰ কথাটো ক’লে।তেতিয়া দেউতাকে ক’লে তুমি এটা কাম কৰা,সেইটো হ’ল তোমাৰ জন্মদিন বুলি   এইবাৰৰ পৰা প্ৰতি বাৰে এজোপা গছ ৰোৱা আৰু প্ৰতিদিনে কিছু সময় পতিপাল কৰা।যিটো তোমাৰ জন্মদিনৰ বিশেষ ও হ’ব আৰু এটা  আমি কৰিব লগা প্ৰয়োজনীয় কাম হ’ব।
      মুন শৰ্মা,লখিমপুৰ