জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ অৱসৰ গ্ৰহণ 

জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ অৱসৰ গ্ৰহণ
নৱ নিযুক্ত সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ৰ দায়িত্ব গ্রহণ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- তথ্য আৰু জনসংযোগৰ বৰ্তমানৰ সঞ্চালক বিষ্ণু কমল বৰাই অৱসৰ গ্ৰহণ কৰে আৰু নৱ নিযুক্ত সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ে দায়িত্ব গ্ৰহণ কৰে ৷  বিদায়ী সঞ্চালকগৰাকীৰ অৱসৰ উপলক্ষে সঞ্চালকালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয়জনসংযোগৰ অতিৰিক্ত সঞ্চালক প্রদীপ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিদায়ী সঞ্চালকগৰাকীক প্ৰশস্তি-পত্ৰ, গামোচা, শৰাই, কাঁহী-বাতি আৰু জনসংযোগ স্মাৰকেৰে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় ৷ সভাত ভাষণ প্ৰদান কৰি কেইবাগৰাকী বিষয়াকৰ্মচাৰীয়ে বিদায়ী সঞ্চালকগৰাকীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা, তেওঁৰ কৰ্তব্যনিষ্ঠা, কর্মকুশলতা, সু-নেতৃত্ব আৰু অন্যান্য গুণৰাজিৰ বিষয়ে উল্লেখ কৰে। দীৰ্ঘদিনীয়া প্রশাসনিক অভিজ্ঞতাৰে পুষ্ট বিষ্ণু কমল বৰাই সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত জনসংযোগৰ উদ্যোগত অনুষ্ঠিত কেইবাটাও অনুষ্ঠানৰ সফলতাত তেখেতৰ ভূমিকা আৰু অৰিহণাৰ কথা বক্তাসকলে কৃতজ্ঞতাৰে উল্লেখ কৰে সভাত ভাষণ প্ৰদান কৰা বিষয়া-কৰ্মচাৰীসকলে লগতে কয় যে বিষ্ণু কমল বৰাৰ পৰা লাভ কৰা মাৰ্গদৰ্শন আৰু দিহা-পৰামৰ্শই তেওঁলোকক কৰ্ম জীৱনত বিভিন্নধৰণে উপকৃত কৰিছে । সভাত ভাষণ প্ৰদান কৰি জনসংযোগৰ বিদায়ী সঞ্চালক বিষ্ণু কমল বৰাই তেওঁৰ চাকৰি জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনসংযোগৰ সঞ্চালক হিচাপে সকলোৰে পৰা লাভ কৰা সহযোগিতাৰ কথা সহৃদয়তাৰে উল্লেখ কৰে। তেখেতে জনসংযোগত কৰ্মৰত বিষয়া- কৰ্মচাৰীসকলক ভৱিষ্যতেও নিষ্ঠা আৰু দায়বদ্ধতাৰে কৰ্তব্য সম্পাদন কৰি জনসংযোগৰ সুনাম বৃদ্ধি অৰিহণা যোগাবলৈ আহ্বান জনায়৷ সভাত ভাষণ প্ৰদান কৰি নৱ নিযুক্ত সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ে বিদায়ী সঞ্চালকগৰাকীলৈ ভেচ্ছা জ্ঞাপন কৰে ৷ আগন্তুক দিনবোৰত তথ্য আৰু জনসংযোগৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে একেই নিষ্ঠা আৰু দায়বদ্ধতাৰে বিভাগীয় কর্তব্য সম্পাদন কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ এই সভাত তথ্য আৰু জনসংযোগ বিভাগৰ সচিব উমানন্দ দলে আৰু ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব দিব্যজ্যোতি বৰকটকীয়ে ভাষণ প্ৰদান কৰি বিষ্ণু কমল বৰাৰ সৈতে একেলগে কাম কৰাৰ অভিজ্ঞতা আৰু দীৰ্ঘদিনীয়া সু-সম্পৰ্কৰ বিভিন্ন অভিজ্ঞতা স্মৰণ কৰে ৷ বক্তা দুগৰাকীয়ে বিষ্ণু কমল বৰাৰ সুদীৰ্ঘ সুখী জীৱন কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷  জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰী দীপালি ভূঞায়ো অৱসৰ গ্ৰহণ কৰে। একেখন সভাতে তেখেতকো বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত কেইবাগৰাকী বিষয়া-কৰ্মচাৰীয়ে তেওঁলোকৰ ভাষণত দীপালি ভূঞাৰ অমায়িক ব্যক্তিত্ব আৰু কৰ্তব্যনিষ্ঠা আদি গুণৰ শলাগ লয় । বক্তাসকলে আজি বিদায় সম্বৰ্দ্ধনা গ্ৰহণ কৰা দুয়োগৰাকী ব্যক্তিৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ সুখী জীৱন কামনা কৰে ৷  সভাত তথ্য আৰু জনসংযোগ বিভাগৰ সচিব অৰুন্ধতী চক্ৰৱৰ্তী, যুটীয়া সচিব নয়ন পাঠক, যুটীয়া সঞ্চালক দীননাথ লয়িঙকে ধৰি সঞ্চালকালয় তথা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।