জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক সম্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনাই যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ১৬ হাজাৰকৈ টকা৷ পূৰ্বতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত প্ৰথম অৱস্থাত কম্পিউটাৰ আৰু পাছলৈ লেপটপ প্ৰদান কৰা হৈছিল। ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট তথা সমিতিৰ পৰামৰ্শ অনুসৰি ৰাজ্যিক কেবিনেটে অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচটা জনগোষ্ঠীয় লোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানত অনুমোদন জনায়। এইকেইটা হৈছে গৰিয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দ। তথ্য আৰু প্ৰযুক্তি বিভাগৰ দ্বাৰা উত্থাপিত আছাম ষ্টেট ডাটা পলিচীত অনুমোদন জনোৱা হৈছে৷ ইয়াৰ বাবে মুখ্য সচিবৰ অধ্যক্ষতাত এখন নীতি ৰূপায়ণ কমিটী গঠন হ’ব৷ পৌৰ সভাৰ পৌৰ পতি, উপ পৌৰপতি আৰু সদস্যসকলৰ মাহিলি পাৰিতোষিক ৫ হাজাৰ টকাকৈ কেবিনেটে বৃদ্ধি কৰিছে৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি পৌৰপতিসকলে এতিয়া ১০ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকা, উপ পৌৰপতিসকলে ৭ হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকা আৰু সদস্যসকলে ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকা লাভ কৰিব৷এণ্ড অৱ লাইফ বাহনৰ চলাচল বাতিল কৰাটো নিশ্চিত কৰিবলৈ অসম বাহন স্ক্ৰেপেজ নীতি ২০২২ত অনুমোদন। সেই অনুসৰি এতিয়াৰে পৰা ফিটনেচ নথকা গাড়ী স্ক্ৰেপ হিচাপে গণ্য কৰা হ’ব। চৰকাৰৰ ১৫ বছৰ পুৰণি গাড়ী স্ক্ৰেপ হিচাপে চিহ্নিত হ’ব। পুৰণি বাহনসমূহ প্ৰদূষণ সৃষ্টিৰ কাৰক বাবে বাহনসমূহ নষ্ট কৰা, পুনৰ ব্যৱহাৰযোগ্য কৰা সন্দৰ্ভত নীতি প্ৰস্তুতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। পুৰণি বাহনৰ গৰাকীয়ে নতুন বাহন ক্ৰয় কৰিলে নষ্ট কৰা বাহনৰ বাবে নতুন বাহনত ২৫ শতাংশ পৰ্যন্ত ৰেহাই পাব। প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ বিধৱা পত্নীসকলৰ বাবে সম্পত্তি কৰ ৰেহাই দিয়াৰ সিদ্ধান্ত। এইক্ষেত্ৰত গুৱাহাটী পৌৰ নগম আইন ১৯৬৯ আৰু অসম পৌৰ আইন ১৯৫৬ৰ সংশোধনী কৰা হ’ব।