“জনজাতি সুৰক্ষা মঞ্চ(JSM) ভাৰত”ৰ ৰাষ্ট্ৰীয় বৈঠক ছত্তীছগঢ়ৰ ৰাইপুৰত দুদিনিয় কাৰ্যসূচীৰে সম্পন্ন

“জনজাতি সুৰক্ষা মঞ্চ(JSM) ভাৰত”ৰ ৰাষ্ট্ৰীয় বৈঠক ছত্তীছগঢ়ৰ ৰাইপুৰত দুদিনিয় কাৰ্যসূচীৰে সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৩ আৰু ২৪ ছেপ্টেম্বৰ ২০২৩ তাৰিখে “জনজাতি সুৰক্ষা মঞ্চ(JSM) ভাৰত”ৰ এখনি উচ্চ স্তৰিয় ৰাষ্ট্ৰীয় বৈঠক ছত্তীছগঢ়ৰ ৰাইপুৰত দুদিনিয় কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। উক্ত বৈঠকত ভাৰতৰ মুঠ ৩৫জন কেন্দ্ৰীয় সদস্যই ভাগ লয়। ২০০৬ চনৰ পৰাই JSM এ ভাৰতৰ অনুসূচীত জনজাতীয় লোকসকলৰ সাংবিধানিক অধিকাৰ, ভাষা, ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি আহিছে।

ইতিমধ্যে জনজাতি সুৰক্ষা মঞ্চই ৫০ হাজাৰৰো অধিক জনজাতি গাঁৱৰ ৭ লাখতকৈও অধিক ব্যাক্তিৰ সৈতে প্ৰত্যক্ষভাবে যোগসুত্ৰ গঢ়িবলৈ সক্ষম হৈছে। জনজাতি সুৰক্ষা মঞ্চৰ মূল দাবী হল – সংবিধানৰ অনুচ্ছেদ 342ত সংশোধন আনি ধৰ্মান্তৰিত লোকসকলক অনুসূচিত জনজাতিৰ তালিকাৰ পৰা নাম কৰ্তন কৰা। কিয়নো সংবিধানৰ এই ধাৰাৰ মূলভূত উদ্দেশ্য আছিল জনজাতি সকলৰ নিজস্ব- ভাষা, ধৰ্ম, সংস্কৃতি, পৰম্পৰাক সংৰক্ষণ কৰা। ১৯৬৭-১৯৭০ চনতে কংগ্ৰেছ সাংসদ স্বৰ্গীয় কাৰ্তিক উৰাং দেৱে ৩৫০জন সাংসদৰ সমৰ্থনেৰে স্বাক্ষৰ সম্বলিত কৰি এই বিল সংসদত উত্থাপন কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে অতি কৌশলেৰে সংসদীয় সত্ৰ স্থগিত কৰে। আজিও সেই বিল তেনেদৰে থাকি গল, যাৰ বাবে ধৰ্মন্তকৰণে আজি জনজাতি সমাজৰ মাজত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, ই কেৱল জনজাতিৰ, ভাষা, ধৰ্ম, সংস্কৃতি, পৰম্পৰাৰ অস্তিত্বলৈ ভাবুকি অনা নাই, ই ৰাষ্ট্ৰৰ আখণ্ডতালৈও এক ভয়ানক ভাবুকি কঢ়িয়াই আনিছে।

সেয়েহে ২০১০ চনত জনজাতি সুৰক্ষা মঞ্চই 29লাখ জনজাতীয় লোকৰ স্বাক্ষৰ সম্বলিত কৰি পুনৰ এখন স্মাৰকপত্ৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা পাটিল ডাঙৰীয়ানীক প্ৰদান কৰে। ইয়াৰ পিছত ধাৰাবাহিকভাৱে ৰাষ্ট্ৰজুৰি জনজাতি গাওঁ, পঞ্চায়ত, খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্যায়ত সজাগতা সভা, কৰ্মশালা, শোভাযাত্ৰা আদি সম্পন্ন কৰা হৈছে। ইতিমধ্যে ২২১ খন জিলা rally, ৮ খন ৰাজ্যিক rally সম্পূৰ্ণ কৰা হৈছে আৰু অহা ২০২৪ চনৰ জানুৱাৰী মাহৰ ভিতৰত আৰু ১২খন ৰাজ্যত ৰাজ্যিক rally ৰ বাবে প্ৰস্তুতি চলি আছে। উত্তৰ পূৰ্বাঞ্চলৰ অসমেও যোৱা ২৬মাৰ্চত খানাপাৰা খেলপথাৰত ৫৫হাজাৰ তকৈ অধিক জনজাতীয় লোকৰ জনসমাগমেৰে “chalo dispur”- বিশাল জনজাতি গণ সমাৱেশ সফল কৰি ৰাষ্ট্ৰৰ বাকী জনজাতি সকলৰ সৈতে অহা ২০২৪চনত “chalo dilli- সংসদ ঘেৰাওঁ” আন্দোলনৰ বাবে প্ৰস্তুতি তীব্ৰ গতিত আৰম্ভ কৰিছে। উক্ত আন্দোলনত ভাৰতৰ 752 তা অনুসূচীত জনজাতীয় সমুদায়ৰ পৰা প্ৰায় ৫লাখ জনজাতীয় লোকে অংশ গ্ৰহণ কৰিব।

#DELISTING ৰ দাবী কিয়? অনুসূচীত জনজাতিৰ মৰ্য্যদা ও আৰক্ষণ জনজাতি সকলৰ ভাষা, ধৰ্ম, সংস্কৃতি, পৰম্পৰা, সুৰক্ষা কৰিবৰ বাবে প্ৰদান কৰিছিল। কিন্তু প্ৰলোভনেৰে অনৈতিকভাবে জনজাতি লোকসকলক ধাৰ্মন্তকৰণ কৰা কাম স্বাধীনতাৰ পূৰ্বৰে পৰা আজি পৰ্য্যন্ত চলিয়েই আছে। ধৰ্ম পৰিবৰ্তন মানেই সংস্কৃতিৰো পৰিবৰ্তন; ধৰ্মান্তৰিত হোৱা লোকে পূৰ্বৰ জন্ম, বিবাহ, মৃত্যু আদিত পালন কৰা সকলো ধৰ্মীয় পৰম্পৰাও ত্যাগ কৰিবলৈও বাধ্য হয়। তেনে ক্ষেত্ৰত তেওঁলোকে ধৰ্মন্তকৰণৰ পিছত এই আৰক্ষন লৈ থকাটো অসংবিধানিক। আনফালেদি খৃষ্টিান অথবা ইছলামলৈ ধৰ্মান্তৰিত হোৱা জনজাতীয় লোক সকলে দ্বৈত আৰক্ষনো (ST আৰু Minority) লৈ থকা দেখা যায়। যি কেৱল অসংবিধনিকেই নহয় অনৈতিকো।