জকাই আৰু লেঙেৰীৰ অঞ্চলৰ খেতি পথাৰত বনৰীয়া ম’হৰ উপদ্ৰৱ

জকাই আৰু লেঙেৰীৰ অঞ্চলৰ খেতি পথাৰত বনৰীয়া ম’হৰ উপদ্ৰৱ

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অঞ্চলৰ জকাই আৰু মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাৰ ভৰালী ওচৰৰ কেবাখনো গাঁৱৰ খেতিপথাৰত সোমাই দুটা প্ৰকাণ্ড বনৰীয়া ম’হে বিস্তৰ ক্ষতি সাধন কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। প্ৰকাণ্ড আকৃতিৰ বনৰীয়া ম’হ দুটাই ইতিমধ্যে জেওঁৰা জপনা মহতিয়াই নি ভাঙি খেতিপথাৰত যথেষ্ট ক্ষতিসাধন কৰি আহিছে। বিশেষকৈ জকাই ভূৰভূৰী, বৰবিল, খামটি ঘাটকে ধৰি কৃষি প্ৰধান গ্ৰামাঞ্চলত বনৰীয়া ম’হ দুটাই নিশাৰ ভাগত খেতি পথাৰত দীৰ্ঘদিন ধৰি অনিষ্ট সাধন কৰি আহিছে। ঠিক সেইদৰে মৰাণ ৰাজহচক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাৰ ভৰালী অঞ্চলৰ নতুন ভৰালী, পুৰণি ভৰালী, ভৰালীবাৰী, কলিতা গাওঁ, শৰেঘাট আৰু ইয়াৰ আশে-পাশে বনৰীয়া ম’হ দুটাই নিশাৰ ভাগত বিভক্ত হৈ কৃষকৰ উৎপাদিত খেতিৰ অনিষ্ট সাধন কৰিছে। স্থানীয় কৃষক সকলৰ মতে গোমধান, কবি খেতি আদিকে ধৰি অন্যান্য শষ্য বনৰীয়া ম’হ দুটাই নিশাৰ ভাগত জেওৰা-জপনা মহতিয়াই নি ভাঙি শস্যৰ বিস্তৰ ক্ষতি সাধন কৰিছে বুলিও ৰাইজে জানিবলৈ দিয়ে। বনৰীয়া ম’হে খেতি পথাৰ অনিষ্ট কৰাৰ ভয়তেই লেঙেৰী মৌজাৰ ভৰালী অঞ্চলৰ আৰু জকাই অঞ্চলৰ কৃষি প্ৰধান গ্ৰামাঞ্চলৰ কৃষকে গোমধান খেতি কৰিবলৈ এৰিয়েই দিছে বুলি একাংশ কৃষকে জানিবলৈ দিয়ে।