ছিপাঝাৰৰ সানোৱাত পবিত্ৰ ঈদ উল ফিটৰ পালন

ছিপাঝাৰৰ সানোৱাত পবিত্ৰ ঈদ উল ফিটৰ পালন

ফখৰুদ্দিন আহমেদ,ৰঙিলী বাৰ্ত্তাসেৱা-  কভিড ১৯ য়ে মানব সভ্যতালৈ কঢ়িয়াই অনা সন্ত্ৰস্ত্ৰতাৰ বাবে বিগত ইং ২০২০ আৰু ২০২১ বৰ্ষ দুটিত সমগ্ৰ বিশ্বৰ মুছলমান সমাজে সমূহীয়াকৈ ঈদ পালনৰ পৰা বঞ্চিত হৈ আহিছিল। চলিত ইং ২০২২ বৰ্ষত বিশ্ববাসী কভিড ১৯ ৰ ভয়াবহতাৰ পৰা প্ৰায় মক্তি পোৱাত সমগ্ৰ বিশ্বৰ লগতে দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সনষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ ৰাইজেও আজি ইং ৩ মে ২০২২ তাৰিখ মঙ্গলবাৰে সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰায় সাত সহস্ৰাধিক লোকে ঈদ উল ফিটৰৰ দুই ৰাকাত ৱাজিব নামাজ সমূহীয়া ভাবে আদায় কৰে। উক্ত নামাজৰ ইমামতি কৰে মৌলানা বাবৰ আলি চাহাবে। নামাজ আৰু খোৎবাৰ অন্তত তেখেতে সমাজত প্ৰচলিত হৈ থকা কৰ্মৰাজিৰ ভাল আৰু বেয়া দিশৰ ওপৰত গুৰুত্ব পূৰ্ণ বক্তৃতা প্ৰদান কৰে । উক্ত বক্তৃতাত ইছলাম ধৰ্মৰ মূল বিষয় একত্ববাদ , মানবতাবাদ আৰু বিশ্ব ভাতৃত্ব বাদৰ বিষয়ে বহলাই পৰ্যালোচনা আগবঢ়ায়। শেষত বিশ্ব শান্তিৰ বাবে কৰা দোৱাৰে ঈদ উল ফিটৰৰ সমূহীয়া কাৰ্যসুচীৰ অন্ত পেলোৱা হয়। সানোৱা আঞ্চলিক ঈদ পৰিচালনা সমিতিৰ সভাপতি এম, হামিদ আলিৰ বিবৃতিত এই সম্পৰ্কত জানিব পৰা গৈছে।